You are currently viewing ইউক্ৰেইনত মৃত্যুৰ কিৰিলি
ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধ

ইউক্ৰেইনত মৃত্যুৰ কিৰিলি

ইউক্ৰেইনত মৃত্যুৰ কিৰিলি। ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলিছে তয়াময়া যুদ্ধ। চাৰিওফালেৰ পৰা ইউক্ৰেইনক ঘেৰি ধৰিছে ৰাছিয়াই। বিশ্বৰ অন্যতম শক্তিধৰ ৰাষ্ট্ৰ ৰাছিয়ান সেনাৰ চক্ৰবেহুত পৰি ইউক্ৰেইনে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা সহায় ভিক্ষা কৰিছে।

মানৱতাৰ সকলো সীমা চেৰাই গৈ ইউক্ৰেইনৰ দৰে এটা ক্ষুদ্ৰ ৰাষ্ট্ৰৰ ওপৰত ৰাছিয়াই চলোৱা আগ্ৰাসনৰ দেখিও বিশ্ব সমুদায় নিৰব-নিতাল। ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধত ইতিমধ্যে অনেক ক্ষতি হৈছে, মৃত্যু হৈছে বহুতৰ। খবৰ মতে, ইউক্ৰেইনত অধ্যয়নৰত দুগৰাকীকৈ ভাৰতীয় ছাত্ৰৰ মৃত্যু হৈছে। এটা সপ্তাহ অতিক্রম কৰা ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত মৃত্যুবৰণ কৰা ভাৰতৰ ছাত্র দুজন হৈছে কৰ্নাটক নবীন শেখাৰাপ্পা আৰু আনজন হৈছে পাঞ্জাৱৰ চন্দন জিন্দাল। মুঠতে ইউক্ৰেইনত এতিয়া মৃত্যুৰ কিৰিলি।

প্ৰতিপল মৃত্যুৰ ক্ষণ গণি থকা ইউক্ৰেইনবাসীয়ে জীয়াই থকাৰ বাসনা পৰিত্যাগ কৰি মাতৃভূমিৰ হকে হাতত অস্ত্ৰ তুলি লোৱা দেখা গৈছে। ইফালে ৰাছিয়া, ইউক্ৰেইন যুদ্ধৰ ফলত ইউক্ৰেইনত আবদ্ধ হৈ থকা হাজাৰ হাজাৰ ভাৰতীয় লোকৰ বাবে উদ্ধাৰ অভিযান অব্যাহত আছে ভাৰত চৰকাৰে। ভাৰতীয় নাগৰিক সকলৰ উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ সময়তে অসমৰ শিক্ষাৰ্থী তথা নাগৰিকৰ বাবে অসম চৰকাৰেও হেল্পলাইন নম্বৰৰ ব্যৱস্থা কৰিছে।

যদি অসমৰ কোনো লোক বা তেঁওলোকৰ পৰিয়ালৰ কোনো সদস্য যুদ্ধজৰ্জ ইউক্ৰেইনত আবদ্ধ হৈ আছে, তেন্তে অনলাইন হেল্পলাইন ডেস্কত সবিশেষ তথ্য দাখিল কৰিলেই অসম চৰকাৰে তাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। হেল্পডেস্কৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰা লিংকটো হৈছে,- Https://tinyurl.com/ypwrwrm3


আনহাতে কামৰূপ মহানগৰৰ লোকৰ বাবেও টোলফ্ৰী নম্বৰ আৰু হোৱাটছএপ নম্বৰ মুকলি কৰিছে ৰাজ্য চৰকাৰে, টোলফ্ৰী নম্বৰটো হৈছে-১০৭৭ আৰু হোৱাটছএপ নম্বৰ-৯৩৬৫৪-২৯৩৪১ এইকেইটা নম্বৰত যোগাযোগ কৰিবলৈ ৰাজ্যৰ প্ৰশাসনৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে।

উল্লেখ্য যে, ছোভিয়েট ইউনিয়নৰ পৰা ইউক্ৰেইন আদি দেশ ওলাই অহাৰ বাবে ৰাছিয়া নাৰাজ। তাৰ মাজতে আকৌ নাটোৰ অন্তৰ্ভুক্ত হ’ব খুজিছে ইউক্ৰেইন। ইয়াকে লৈ প্ৰচণ্ড খং ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ। বিষয়টো হজম কৰিব নোৱাৰি সম্ভৱতঃ পিটিনে ইউক্ৰেইন আক্ৰমণ কৰে। কাৰণ ৰাছিয়াই নিবিচাৰে যে পশ্চিমীয়া শক্তি নামটোৱে পূব ইউৰোপত তেওঁলোকৰ শক্তিয়ে প্ৰধান্য লাভ কৰক।

সি যি কি নহওঁক, সম্প্ৰতি সকলোৱে ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ অৱসান হোৱাটো বিচাৰিছে। বিশ্বত শান্তি, সমন্বয়ৰ পৰিবেশ সৃষ্টি হওঁক বুলি জাতি, ধৰ্ম নিৰ্বিশেষে সকলোৱেই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে। যুদ্ধই কোনো সমস্যাৰ সমাধান কৰিব নোৱাৰে বৰঞ্চ যুদ্ধই নতুন নতুন সমস্যাৰহে জন্ম দিয়ে। সম্প্ৰতি ইউক্ৰেইন-ৰাছিয়াৰ তুমুল সংঘৰ্ষত শংকিত-আতংকিত হৈ পৰিছে সমগ্ৰ বিশ্ব। কি হ’ব মানৱ জাতিৰ? কি হ’ব পৃথিৱীৰ ভৱিষ্যত? এনেবোৰ প্ৰশ্নৰ উত্তৰ পাৱলৈ সময়ৰ অপেক্ষা কৰিব লাগিব।

জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)

Leave a Reply