You are currently viewing ইফতাৰৰ তাৎপৰ্য
ইফতাৰৰ তাৎপৰ্য

ইফতাৰৰ তাৎপৰ্য

ইফতাৰৰ তাৎপৰ্য

ইফতাৰ যি ৰোজাদাৰ সকলে গ্ৰহণ কৰি ৰোজা ভঙ্গ কৰে। সম্প্ৰতি পূণ্যৰ বসন্তকাল অৰ্থাৎ পৱিত্ৰ ৰমজান মাহ চলি আছে। এই ৰমজান মাহত পালন কৰা প্রতিটো ধৰ্ম কাৰ্যৰেই গুৰুত্ব অপৰিসীম। ৰমজান মাহৰ শ্ৰেষ্ঠ আৰু উৎকৃষ্ট পূণ্যৰ কাম হৈছে ৰোজা (ব্ৰত) পালন কৰা। ৰোজাৰ দৰে কঠিন ধৰ্ম কাৰ্য কৰিবলৈ হলে মাজ নিশা ছেহেৰী খাব লাগে। ৰমজান মাহত ইয়াৰ গুৰুত্ব অপৰিসীম। ছুবে ছাদিকৰ পৰা সূর্যাস্ত লৈকে সকলো প্রকাৰৰ পানাহাৰ, কামাচাৰ প্রভৃতি চাহিদা পৰিহাৰ কৰি ৰোজা পালনেৰে বিশ্বৰ মুছলমানে সূর্যাস্ত হোৱাৰ লগে লগে প্ৰতিজন ৰোজাদাৰ অৰ্থাৎ ব্ৰত পালনকাৰী সকলে ইফতাৰ গ্ৰহণৰ দ্বাৰা ৰোজা ভঙ্গ কৰে।

ইফতাৰ

উল্লেখ্য যে, পৱিত্ৰ ৰমজান মাহৰ ৰোজাক কেন্দ্ৰ কৰি মহাপুৰুষ হজৰত মহম্মদ (ছঃ)য়ে কৈছে যে, মোৰ অনুচৰসকল তেতিয়া লৈকে কল্যাণৰ ওপৰত প্ৰতিষ্ঠিত থাকিব, যেতিয়ালৈকে সিহঁতে ছেহেৰী দেৰিকৈ আৰু ইফতাৰ অবিলম্বে গ্ৰহণ কৰিব। মহানবী হজৰত মহম্মদ (ছঃ)য়ে আৰু কৈছে যে, ৰমজান মাহ, এনেকুৱা এটা পূণ্যময়ী মাহ, যিটো মাহত মহান আল্লাহে তেওঁৰ বিশ্বাসী বা অনুগত সকলৰ ৰিজিক অৰ্থাৎ জীৱন-উপকৰণৰ সকলোখিনি বৃদ্ধি কৰি দিয়ে। এই পূণ্যময়ী ৰমজান মাহত যদি কোনো ব্যক্তিয়ে কোনো এজন ৰোজাদাৰ (ব্ৰত) পালনকাৰীক ইফতাৰ খুৱায় তেন্তে তাৰ পূর্বকৃত পাপসমূহ ক্ষমা কৰি দিয়া হয়। তাৰোপৰি তেওঁ জাহান্নাম অৰ্থাৎ নৰকৰ সেই কঠিন শাস্তিৰ পৰা মুক্তি লাভ কৰিব আৰু ৰোজা পালনৰ দ্বাৰা এজন ব্যক্তিয়ে যিমান ছোৱাব বা পূণ্য অৰ্জন কৰিব, সেই পৰিমাণ ছোৱাবো তেওঁ লাভ কৰিব। তদুপৰি ৰোজা ৰখা ব্যক্তিক যদি কোনোবাই পৰিতৃপ্ত কৰি এসাজ আহাৰ খোৱায় তেন্তে তেওঁক দয়াময় আল্লাহে কিয়ামতৰ সেই কঠিন দিনা হাউজে কাওছাৰৰ পৰা এনেকুৱা পানী পান কৰাব, যাৰ কাৰণে তেওঁ জান্নাত অৰ্থাৎ সৰগত প্রবেশৰ পূর্ব মুহূর্তলৈকে আৰু কেতিয়াও পিয়াহত আতুৰ নহব।

ইফতাৰৰ তাৎপৰ্য
ইফতাৰhttps://en.wikipedia.org/wiki/Iftar

ইছলাম ধৰ্মৰ প্ৰচাৰক হজৰত মহম্মদ (ছঃ)য়ে তেওঁৰ অনুচৰসকলৰ উদ্দেশ্য পুনৰাই কৈছে যে, ৰোজাৰ দৰে কঠিন সাধনা কৰা ব্যক্তি এজনৰ কাৰণে পৃথিৱীত দুটা আনন্দদায়ক মূহুৰ্ত হৈছে, প্ৰথমঃ যেতিয়া ৰোজাদাৰ সকলে ইফতাৰ গ্ৰহণ কৰে তেতিয়া তেওঁলোকে অনাবিল আনন্দ অনুভৱ কৰে আৰু দ্বিতীয় হৈছে, কিয়ামতৰ দিনা যেতিয়া তেওঁলোকে মহান আল্লাহ ৰাব্বুল আলামিনৰ সাক্ষাৎ লাভ কৰিব, পিছে ইফতাৰৰ সময়ত হালাল অৰ্থাৎ বৈধ খাদ্যৰ দ্বাৰাইহে ইফতাৰ কৰা উচিত, নতুবা গোটেই দিনৰ উপবাস অৰ্থহীন হ’ব পাৰে।

হাদিছ শ্বৰিফত উপমা দি বিশ্ব নবী হজৰত মহম্মদ (ছঃ)য়ে কৈছে; যেনেকৈ বিষ শৰীৰৰ বাবে ধ্বংসৰ কাৰণ হ’ব পাৰে, ঠিক তেনেকৈয়ে হাৰাম বা অবৈধ খাদ্য-বস্তুও ধৰ্ম তথা এবাদতৰ বাবেও ধ্বংসৰ কাৰণ হ’ব পাৰে।

প্ৰসংগত উল্লেখ্য যে, পৱিত্ৰ ৰমজান মাহত আল্লাহ পাকে তেওঁৰ বান্দাসকলক পাঁচটা বস্তু দান কৰাৰ কথা ঘোষণা কৰিছে, (যিটো পূর্ববর্তী কোনো উম্মতসকলক দান কৰা হোৱা নাই) (১) ৰোজাদাৰ সকলৰ মুখৰ পৰা নিগৰিত দুর্গন্ধ তেওঁৰ ওচৰত মিশকে আম্বৰতকৈ অধিক পছন্দনীয়। (২) ইফতাৰৰ সময় সমুদ্রৰ মাছসমূহও ৰোজাদাৰৰ হকে দোৱা-আৰাধনা কৰে। (৩) ৰোজাদাৰৰ কাৰণে প্রত্যেক দিন জান্নাতক সুসজ্জিত কৰা হয়। (৪) ৰমজান মাহত অবাধ্য চয়তানক বন্দি কৰি ৰখা হয় আৰু (৫) ৰমজানৰ শেষত ৰোজাদাৰ সকলক ক্ষমা কৰি দিয়া হয়।

মুঠতে ইফতাৰৰ গুৰুত্ব আৰু মাহাত্ম্য অপৰিসীম। ইফতাৰৰ দৰে পৱিত্ৰ অনুষ্ঠানে সমাজৰ পৰা হিংসা, ঘৃণা, নিন্দা, শত্ৰুতা তথা ঈৰ্ষাৰ ভাৱ দূৰ কৰি ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় কৰে। ইফতাৰৰ আধ্যাত্মিকতাই লোভ মোহ কাম ক্ৰোধ, মদ আৰু মাৎসর্য এই ছয় ৰিপু দমন কৰি মানুহক মানুহ হৱলৈ অনুপ্ৰাণিত কৰে। ৰমজানত ৰোজাদাৰৰ দোৱা-আৰাধনা কেতিয়াও ব্যৰ্থ নহয়। ইফতাৰৰ সময়ত যেতিয়া ৰোজাদাৰে ইফতাৰ সন্মুখত লৈ সৰ্বশক্তিমান আল্লাহৰ ওচৰত বিনয়ৰ সহিতে কাতৰ অনুনয়-বিনয় কৰে, তেতিয়া মহান আল্লাহে তেওঁৰ সেই দোৱা-প্ৰাৰ্থনা মুহূৰ্ততে কবুল কৰে। সেয়ে প্ৰতিজন ৰোজাদাৰ মুছলমানে ইফতাৰৰ মূল্যবান সময়ৰ সদ্ব্যৱহাৰ কৰি দুখীয়া-নিচলা ৰোজাদাৰ সকলৰ মাজত ইফতাৰ বিতৰণ কৰাৰ উপৰিও দেশ তথা দহৰ লগতে বিশ্ব শান্তিৰ বাবে নেদেখাজনৰ ওচৰত দোৱা-আৰাধনা কৰা উচিত।

জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)

Leave a Reply