You are currently viewing এই সময় পাৰ হব, সকলোৱে এক হৈ যুঁজ দিয়ক

এই সময় পাৰ হব, সকলোৱে এক হৈ যুঁজ দিয়ক

যোৱা নিৰ্বাচনে যে কোৰোনা বিয়পাত প্ৰধান ভূমিকা পালন কৰিছিল সেয়া সকলোৱে জ্ঞাত। যি হৈছে হৈছেই আৰু। সকলোৱে নিজৰ নিজৰ ইচ্ছা মতে শক্তি প্ৰদৰ্শন কৰাৰ লগতে নিজৰ ক্ষমতাও প্ৰদৰ্শন কৰিছে। কিন্তু এই মহা সংকটৰ সময়ত সকলো এক হৈ যুঁজিলে কিজানি যুঁজখন সহজ হৈ পৰিব। সকলো মানে নেতা, কৰ্মী, বিৰোধী, চৰকাৰ, সাধাৰণ ৰাইজ , স্বাস্থ্য কৰ্মী সকল, প্ৰশাসন আৰু সাংবাদিক সকলেও লব পাৰে বিশেষ ভূমিকা। দেশৰ অৱস্থা সংকটজনক নহলে অসমৰ মুখ্যমন্ত্ৰীয়ে কভিড 19 ৰ কাৰণে পইচা নুখুজিলে হয়। এই কভিড প্ৰতিহত কৰিবলৈ হলে দেশৰ সকলো শ্ৰেণীৰ লোকে এক হৈ ইয়াৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব লাগিব। সংবাদ মাধ্যমে মানুহক আতংকিত নকৰি মানুহক সচেতন কৰক। কত অক্সিজেন কম আছে, কত আই চি ইউ যুক্ত বিচনাৰ অভাৱ হৈছে , ভেকচিনৰ কত অভাৱ হৈছে এইবোৰ ৰাইজৰ বাবে চৰকাৰক জনাই দিয়ক।

আৰক্ষী প্ৰশাসনে বুজনি দিয়ক , লাঠি চালনা কৰক কিন্তু সেইবোৰ ব্যক্তিৰ ওপৰত নহয় যিবোৰে এমুঠি অন্যৰ কাৰণে পথ লৈ আহিছে, তেখেত সকলক বুজাই দিয়ক। পাৰিলে চৰকাৰক কৈ সহায়ৰ ব্যৱস্থা কৰি দিয়ক। বহুত ডাঙৰ ডাঙৰ বিলাসী হোটেলত বন্ধু – বান্ধৱলৈ পাৰ্টী কৰা মানুহবোৰে এতিয়া অলপ ওচৰে পাজৰে লঘনে থকা মানুহবোৰক সহায় কৰক। চাব বহুত আত্মসন্তুষ্টি লাভ কৰিব। এই সময় এজনে আন জনক সহায় কৰাৰ সময়। কেৱল নিজা নিজা মনাফা আদায় , কেৱল ৰাজনৈতিক মনাফা আদায়ৰ কাৰণে চিন্তা নকৰি সমূহীয়া চিন্তা কৰক।

এই কোৰোনা মহামাৰীয়ে কিছুমান দেশত সম্পূৰ্ণ পৰিয়ালে শেষ কৰিছে । এনেকুৱা পৰিৱেশৰ সৃষ্টি হলে আমাৰ জনবহুল দেশত মানুহ জীয়াই থকাটো টান হৈ পৰিব। এয়া এক কঠিন সময়, আৰু এনেকুৱা সময়ত সকলোৱে এবাৰ নিজ স্বাৰ্থক আঁতৰত ৰাখি দেশ মাতৃৰ কোলাত আশ্ৰয় লোৱা নিৰিহ মানুহৰ কাষত থিয় দি যুঁজ অব্যাহত ৰাখক। এজনে আনজনক সহায়ৰ হাত আগবঢ়াওক। এই কঠিন সময়ক হাৰ মানিবলৈ বাধ্য কৰক। গোটেই ভাৰতবাসীৰ লগতে অসমবাসীক কাতৰ অনুৰোধ এটাই জীয়াই থাকোঁতেই মানুহে মানুহৰ দুখ বুজি পাওঁক, অনাহাৰে মৃত্যুৰ পিছত RIP লিখি দুখ ব্যক্ত নকৰি সাধ্য অনুসৰি দুখীয়া মানুহক সহায় কৰক।


Rehena Parveen

Leave a Reply