এটা ব্যৰ্থ প্ৰেমৰ গল্প

আজি শুণাম এক ব্যৰ্থ প্ৰেমৰ গল্প
আচলতে ব্যৰ্থ প্ৰেমিকৰ গল্প,
যিজনে প্ৰেমৰ বিনিময়ত প্ৰেম পাব লাগিছিল
আঁকোৱালি ললে মৃত্যু।
হয় ! প্ৰেম এনেকুৱাও দেখিছোঁ
যিজনে সৰ্বশ্ব বিসৰ্জন দিছিল প্ৰেমত,
প্ৰেমৰ সলনি পালে প্ৰতাৰণা
মাথোঁ পালে প্ৰতাৰণা।
হিয়া উজাৰি ভালপাইছিল
ৰাতিৰ টোপনি নাইকিয়া হৈছিল,
অপেক্ষা আছিল
প্ৰেম নে মৃত্যুৰ বাবে?
নিজক জ্বলাই,
নিজক কষ্টত ৰাখি
তাইক সুখী কৰিবলৈ
সদায় দেখিছোঁ তাক।
তথাপিওতো তাইৰ মন পোৱা নাছিল
প্ৰেমৰ সলনি তাক দিয়া হৈছিল
প্ৰতাৰণাৰ সৈতে
কষ্টৰে ভৰা এটা জীৱন।
তাক দেখিছোঁ
চিগাৰেটৰ ধোঁৱাত তাইক বিছতাত,
তাক দেখিছোঁ
মদৰ নিচাত তাইক পাহৰিব।
তাক দেখিছোঁ
তাইৰ নামত লিখি গৈছে হেজাৰ কবিতা,
তাক দেখিছোঁ প্ৰেমৰ নামত
নিজকে ধ্বংশ হোৱা।
নিজৰ সুখ তাইতেই
বিচাৰিছিল বাবেই,
নিজৰ জীৱনৰ কথা নাভাবি
তাইতেই কুৰবাণী কৰিছিল হেজাৰ সপোন।
সপোনৰ ৰাজ্যত
লৈ গৈছিল তাইক,
ৰজা হোৱাৰ সপোন আছিল যদিও
তাইৰ গোলাম হৈ সুখ অনুভৱ কৰিছিল।
আজি তেঁও আছে
অচিন ৰাজ্যত,
যত গৈ ভাবিছে তাইক পাব বিছাৰি
কিন্তু তাই যে বেলেগৰ বুকুত আশ্ৰয় লৈছে।
মিছা প্ৰেমৰ পৰিণাম দেখিছোঁ
সঁচা হৃদয়ৰ গৰাকীক তৰপি থকা দেখিছোঁ
যদি এয়াই হয় প্ৰেম
তেতিয়া হলে প্ৰেম তুমি নাহিবা কাৰো জীৱনত।
Leave a Reply