You are currently viewing এটা হাফপেণ্ট কাণ্ডই সকলো তল পেলাই দিলে
কত গল মাজুলী নিমাতীঘাট, টেট পৰীক্ষাৰ কেন্দ্ৰ নিদিয়া বিষয়বোৰ? নে এটা হাফপেণ্ট কাণ্ডই সকলো তল পেলাই দিলে?

এটা হাফপেণ্ট কাণ্ডই সকলো তল পেলাই দিলে

এটা হাফপেণ্ট কাণ্ডই সকলো তল পেলাই দিলে। কত গল মাজুলী নিমাতীঘাট,টেট পৰীক্ষাৰ কেন্দ্ৰ নিদিয়া বিষয়বোৰ?

এটা হাফপেণ্ট কাণ্ডই সকলো তল পেলাই দিলে।

আমি কেতিয়াও আগবাঢ়িব নোৱাৰিম কাৰণ বহুত গুৰুত্বপূৰ্ণ বিষয়বোৰ তল পেলাই যেতিয়া এটা ক্ষুদ্ৰ বিষয়ে প্ৰধান্য পাব , যেতিয়া সংবাদ মাধ্যমে সমস্যাবোৰ দাঙি নধৰি হাফপেণ্ট কাণ্ড ১৫ দিনলৈ বজাব। আৰু সাধাৰণ ৰাইজৰতো কথাই নাই যতেই বিতৰ্ক তাতেই কমেণ্টৰ হেতা- ওপৰা। নিজৰ সমস্যা ডাঙৰ নহয় , ভিৰ লগাই দিব বিতৰ্কিত বিষয়ত কমেণ্ট কৰিবলৈ , নেতাৰ দালালি কৰিবলৈ, আৰু বেলেগৰ দোষ খুচুৰি ফুৰিবলৈ। আচলতে মানুহবোৰে এনেকৈয়ে থাকি ভাল পায়। কিহৰ পৰিৱৰ্তন লাগে। একো নালাগে । ভাত এমুঠি নাখালেও চলিব কিন্তু চচিয়েল মিডিয়াত কি বিতৰ্কিত বিষয় আছে বিচাৰিব লাগিবই, চাহ দোকানত বহি চাহ , বিড়ি হুপি বেলেগৰ সমালোচনা কৰিবই লাগিব। ঘৰত লৰা – ছোৱালী পঢ়ি আছে নে নাই , সেইটো ডাঙৰ বিষয় নহয়। চোতালত বহি কাৰ ঘৰত কি হল সেয়া কিন্তু খবৰ ৰাখিবই লাগিব, লৰা – ছোৱালীয়ে কি কৰিছে কি কৰা নাই ডাঙৰ কথা নহয়।

নিউজ চেনেল, পৰ্টেল আদিত এটাই বাতৰি হাপপেণ্ট কাণ্ডৰ। ইয়াৰ আগতে মাজুলীৰ দুৰ্ঘটনা, টেট পৰীক্ষাৰ কেন্দ্ৰ নিদিয়া বিষয়বোৰ তল পৰি গল। চৰকাৰৰ দোষ নাই , নিজৰ ইচ্ছা মতে চলিয়ে আছে, কিন্তু যাৰ অসুবিধা সেইবিলাকৰ প্ৰতিবাদ কৰাৰ দৰকাৰ নাই, সেয়ে এইবোৰ তল পেলাই হাপপেণ্ট কাণ্ডত নিজৰ মতামত প্ৰকশ কৰাই ভাল। চৰকাৰৰ বাবেতো আৰু ভাল।
সেয়েই চাগে জয়ন্ত মল্লই কব পাৰিছে যে যি কেইখন জিলাত কেন্দ্ৰ দিয়া নাই সেই কেইখন জিলাত এই বোৰ পৰীক্ষাত অনিয়ম চলে।

কিয় চলিব অনিয়ম ? চৰকাৰ আপোনালোকৰ , স্বচ্ছ নিকা চৰকাৰ থাকোঁতেও এনেকুৱা কৰিব সাহস কৰিব পাৰিলে আপোনালোকে কি কৰিব?
এইটো কিন্তু সঠিক কাৰণ হোৱা নাই । কিন্তু মানুহবোৰ এদিন মাথোঁ প্ৰতিবাদ কৰিলে আৰু তাৰ পিছতেই ডুব গল হাপপেণ্ট কাণ্ডত। শাসন ভাৰ চলোৱা মানুহবোৰে গম পায় আমাৰ স্বভাৱটো ভাল কৈ যে মানুহবোৰৰ ধ্যান বেলেগ দিছে লবলৈ সময় নালাগে। নিজৰ সমস্যা বাদ দি এওঁলোকে বেলেগৰ বিষয়ত দৌৰি ফুৰিব। কমেণ্ট এটা হলেও দিবলৈ।

মাজুলী নিমাতীঘাট, টেট পৰীক্ষাৰ কেন্দ্ৰ নিদিয়া বিষয়বোৰ এটা হাফপেণ্ট কাণ্ডই তল পেলাই দিলে।

REHERNAPARVEEN

Leave a Reply