You are currently viewing পৰ্দাৰ আঁৰত লুকাই থকা সাম্প্ৰদায়িক শক্তি হৈছে কংগ্ৰেছ
পৰ্দাৰ আঁৰত লুকাই থকা সাম্প্ৰদায়িক শক্তি হৈছে কংগ্ৰেছ

পৰ্দাৰ আঁৰত লুকাই থকা সাম্প্ৰদায়িক শক্তি হৈছে কংগ্ৰেছ

পৰ্দাৰ আঁৰত লুকাই থকা সাম্প্ৰদায়িক শক্তি হৈছে কংগ্ৰেছ।

সদ্য ঘোষিত দেশৰ পাচঁ ৰাজ্যৰ বিধান সভা নিৰ্বাচনী ফলাফলত উৎফুল্লিত হৈ পৰা দেখা গৈছে বিজেপিক। ভাৰতীয় জাতীয় কংগ্ৰেছ দলক একপ্ৰকাৰ ধুলিসাৎ কৰি বিজেপিয়ে পাচঁ ৰাজ্যৰ ভিতৰত চাৰিখন ৰাজ্যতেই বিজয় ধ্বজ্জা উৰাবলৈ সক্ষম হয়।

কংগ্ৰেছ

ভাৰতৰ আটাইতকৈ পুৰণি দল কংগ্ৰেছক ঘাটে ঘাটে পানী খুৱাই ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়া সমগ্ৰ দেশব্যাপী তেওঁলোকৰ আধিপত্য বিস্তাৰ কৰাত আৰু এখোজ আগুৱাই গ’ল। একাংশ কংগ্ৰেছীৰ অতপালি, হিটলাৰী, দালালী আৰু অহংকাৰৰ কাৰণেই আজি দলটোৱে এই দুৰ্দিন দেখিব লগীয়া হৈছে।

বাকি দলবোৰৰ কথা নকলোৱেই যেনিবা কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলৰ যদি এই অৱস্থা হয় তেন্তে সেইটো হ’ব দেশবাসীৰ বাবে অশনি সংকেত। সেইবুলি বিজেপি দলক ধুৱা তুলসীৰ পাত সজাব বিচৰা নাই যদিওঁ কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতি আৰু ৰাহুল গান্ধীৰ অপৰিপক্কতাৰ কাৰণে যে আজি দলটো বিপৰ্য্যয়ৰ সন্মুখীন হৈ আছে সেইটো হলে কোনেওঁ নুই কৰিব নোৱাৰে। সাম্প্ৰদায়িক দল কংগ্ৰেছৰ অপশাসনত অতিষ্ঠ হৈ দেশৰ সৰ্বস্তৰৰ জনগণ এতিয়া বিজেপিৰ দাৰস্ত হোৱা পৰিলক্ষিত হৈছে।

উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মনিপুৰ, গোৱাত বিজেপি ঐতিহাসিক জয় হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ সুশাসন, বিকাশ, বিশ্বাসৰ ৰাজনৈতিক সততা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোদীৰ ‘চবকা সাথ, চবকা বিকাশ তথা চবকা বিশ্বাস’ নীতিত আপ্লুত হৈ উক্ত চাৰি ৰাজ্যৰ জাতি-ধৰ্ম নিৰ্বিশেষে সকলো স্তৰৰ জনগণে হিল দল ভাঙি আহি বিজেপিৰ সপক্ষে নিজৰ বহুমূলীয়া ভোটাধিকাৰ সাব্যস্ত কৰে। তোষামোদ, তুষ্টিকৰণ আৰু পৰিয়ালতান্ত্ৰিক ৰাজনীতি কৰি দেশৰ জনতাক বুৰ্বক বুলি ভবা কংগ্ৰেছ, সমাজবাদী পাৰ্টি, বহুজন সমাজ পাৰ্টি আদি ৰাজনৈতিক দলৰ দুৰাৱস্থাৰ প্ৰতিছবি আজি জনসম্মুখত। দেশৰ বাওঁপন্থী দলকেইটাৰো অস্তিত্ব কেৱল কাগজৰ পাতত।

এতিয়া বিজেপিৰ বিৰোধী মুক্ত দেশ গঢ়াৰ সপোন ছাখাৰ কৰিবলৈ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টি আৰু মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ দলৰ ওপৰতহে নিৰ্ভৰ কৰিব, কাৰণ তৃণমূল কংগ্ৰেছ নেত্রী মমতা বন্দ্যোপাধ্যায় আৰু আম আদমী পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালৰ সততা, সৰলতা কৰ্মদক্ষতা আৰু ৰাজনৈতিক পাৰদৰ্শিতা সৰ্বজনপ্ৰিয়। অৱশ্যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিপুণতা, সাহসিকতা আৰু দক্ষতাৰ কাৰণে তেওঁ ইতিমধ্যে ৰাষ্ট্ৰীয় ৰাজনীতিত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

অসমৰ বাকপটু তথা কথনশৈলী নেতা হিমন্ত বিশ্ব শৰ্মাৰ শাসন প্ৰণালীয়ে ৰাষ্ট্ৰীয় ৰাজনীতিত তেওঁৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰি দিলে। ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা পাচঁ ৰাজ্যৰ বিধান সভা নিৰ্বাচনী প্ৰচাৰ অভিযানত তেওঁৰ অৱদান আছিল অতুলনীয়। ড্ৰাগছ, দুৰ্নীতি, ঘোচ তথা অপৰাধ-অপকৰ্ম, অসামাজিক কাৰ্য্যকলাপ আৰু দালমুক্ত অসম গঢ়াৰ সংগ্ৰাম খনত সন্মুৰ পৰা নেতৃত্ব দি সেনাপতিৰ ভূমিকা পালন কৰা অসমৰ চাণক্য ড° হিমন্ত বিশ্ব শৰ্মাই চাৰি ৰাজ্যৰ নিৰ্বাচনত ষ্টাৰ কেম্পেইনাৰৰ ভূমিকা পালন কৰি ৰাষ্ট্ৰীয় ৰাজনীতিত চৰ্চালৈ আহিল।

একেদৰে অসমৰ পৌৰ নিগমৰ নিৰ্বাচনতো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ আছিল দুৰ্দান্ত। তাৰ বিপৰীতে বিৰোধী দলসমূহৰ প্ৰচাৰ আছিল অতি দুৰ্বল। প্ৰসংগত যে, কংগ্রেছ শাসনামোলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ লোক। ফুটবলৰ দৰে ব্যৱহাৰ কৰা পিছপৰা জনগোষ্ঠীটোৰ কামিহাড় ভাঙি পেলোৱাৰ আৰত লুকাই আছে কংগ্ৰেছ নামৰ শক্তি। ভয়-ভাবুকি দি মুছলমানৰ ভোট আদায় কৰাত সিদ্ধহস্ত কংগ্ৰেছেই মুছলমানক ডি ভোটাৰ সজাই, বিদেশীৰ নামত জাননী দি আৰু ডিটেনশ্বন কেম্পত নৰক যন্ত্ৰণাত ভোগাইছিল। কংগ্ৰেছৰ আমোলত সাম্প্ৰদায়িক সংঘৰ্ষত মুছলমানৰ যিমান জান-মালৰ ক্ষতি হৈছিল সেইটো সৰ্বজনবিদিত। মুঠতে পৰ্দাৰ আঁৰত লুকাই থকা সাম্প্ৰদায়িক শক্তিটোৱেই হৈছে কংগ্ৰেছ।

জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)
মবাইলঃ ৯৭০৬৬-৬৬১৯২

Leave a Reply