You are currently viewing কলা মানুহ, আতংক আৰু প্ৰশাসন

কলা মানুহ, আতংক আৰু প্ৰশাসন

চচিয়েল মিডিয়াত বৰ্তমান কলা মানুহৰ অতংকৰ প্ৰসংগই বিৰক্ত কৰি পেলাইছে। ঠিক তেনেকৈ কলা মানুহক লৈ সজাগতা সভাও আনিবলৈ পদক্ষেপ গ্ৰহণ কৰি আহিছে কিছু মানুহে। চচিয়েল মিডিয়াত যেতিয়া এটা প্ৰসংগ এবাৰ উল্লেখ কৰা হয়, তেতিয়াই তোলপাৰ লাগি যায়, কিন্তু কলা মানুহ বুলি যে একো নাই সেয়া কিন্তু প্ৰচাৰ হোৱা দেখা নাই। বৰপেটা জিলাৰ কলগাছিয়াৰ অন্তৰ্গত বিভিন্ন এলেকাত কলা মানুহৰ আতংক বেছি কৈ প্ৰচাৰ হৈছে, কিন্তু এতিয়ালৈকে এজনো কলা মানুহ দেখা পোৱা নাই বা কাৰো ওচৰত কোনো ধৰণৰ প্ৰমাণ নাই।

চুৰ, ডকাইত আগৰ পৰাই আছে, ইয়াৰ বাবে সজাগ হোৱাৰ প্ৰয়োজন হে আছে, আতংকিত হোৱাৰ কি প্ৰয়োজন? সকলোৱে এতিয়া জানে কলা মানুহ বুলি একো নাই কিন্তু মানুহবোৰে নিজৰ মাজতে এই বিষয়টো লৈ চৰ্চা কৰি আছে।

এই লক ডাউনে মানুহৰ আৰ্থিক অৱস্থা দুৰ্বল কৰি পেলাইছে, বাহিৰত কামৰ বাবেও যাব পৰা নাই , সেই মানুহবোৰে কেতিয়াবা এই কলা মানুহৰ গয়না লৈ মানুহক ভয় খুৱাই নিজৰ কাম সাধন কৰি আছে।

মানুহ এতিয়া সজাগ হৈছে কিন্তু এই কলা মানুহৰ প্ৰসংগটো তল পেলাব দিয়া নাই । হাতে হাতে লাঠি , দা লৈ মানুহ ওলায় ৰাতিত, বহুত মানুহ একেলগ হৈ পহৰাও দিয়ে। কাৰণ কলা মানুহ নাহিলেও চুৰ – ডকাইতৰ উৎপাত বহুত বেছি হৈছে।

এইক্ষেত্ৰত প্ৰশাসনৰ ভূমিকা বিশেষ দেখিবলৈ পোৱা নাই। ৰাইজক সচেতন হবলৈ কোৱাৰ ওপৰিও এনেকুৱা ঘটনা বৃদ্ধি পোৱা অঞ্চলবোৰত টহলদাৰি কৰিলে এই উৎপাত আৰু চুৰি ডকাইতি কমিব।

কলা মানুহ বুলি কোনো মানুহ বা প্ৰাণী নাই, মুখত কলা বৰণ সানি মানুহক বুৰ্বক বনাই চুৰি কৰি লৈ যায় ঘৰৰ পৰা। আতংকিত হোৱাৰ কোনো দৰকাৰ নাই , কিন্তু সজাগ হব লাগিব আৰু কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব।

জনা – বুজা মানুহবোৰে গ্ৰামোঞ্চলৰ মানুহবোৰৰ মাজত সজাগতা আনিব লাগে, প্ৰশাসনে সু- দৃষ্টি দিলে এই সমস্যা সমাধান হব।

REHENAPARVEEN.COM

Leave a Reply