You are currently viewing মই মাথোঁ শব্দৰ লগত খেলি ভাল পাওঁ
মই মাথোঁ শব্দৰ লগত খেলি ভাল পাওঁ

মই মাথোঁ শব্দৰ লগত খেলি ভাল পাওঁ

মই খেলি ভাল পাওঁ
শব্দৰ লগত,
শব্দৰ বৰষুণত
তিতি ভাল পাওঁ।

মোৰ অনুভৱ বোৰক
শব্দই সংৰক্ষণ কৰি ৰাখে,
হিয়াৰ মাজত লুকাই ৰখা স্মৃতিয়ে
হিয়া এৰি বেলেগ ঠাইত এই শব্দৰ জৰিয়তে ফুৰে।

গভীৰ নিশা শব্দবোৰে
মোৰ মনত আহি ভুমুকি মাৰে,
উজগৰি নিশাৰ সংগী হৈ
মোৰ লগতে নিশা সামৰে।

মই অকলশৰীয়া হৈ থাকিলে
শব্দবোৰে বৰকৈ আনন্দ লাভ কৰে,
কাৰণ এইখিনি সময়তে
শব্দবোৰ যে কেৱল মোৰ সান্নিধ্য লভে।

শব্দবোৰে মোক বুজায়
পৃথিৱী খন কিন্তু বৰ স্বাৰ্থপৰ,
মই কওঁ শব্দবোৰক, হলেও পৃথিৱীজুৰি স্বাৰ্থপৰ
তুমিতো আছা সদায়ে মোৰ লগত।

মই প্ৰায়ে শব্দৰ লগত
খেলি ভাল পাওঁ,
কেতিয়াবা সময়ে বাধা দিয়ে,
কিন্তু শব্দই কেতিয়াও মোক নেৰে।

দুয়ো – দুয়োৰে সংগী আমি
মই নহলেও তুমি যে কিমানৰ সংগী,
তথাপিও তুমি নকৰা কেতিয়াও চল- চাতুৰী
তুমিয়ে মোৰ প্ৰকৃত সংগী।

Leave a Reply