You are currently viewing গ্ৰাম্য অঞ্চলৰ ৰাইজ কিমান সচেতন হৈছে কভিড মহামাৰীক লৈ?

গ্ৰাম্য অঞ্চলৰ ৰাইজ কিমান সচেতন হৈছে কভিড মহামাৰীক লৈ?

গ্ৰাম্য অঞ্চলৰ ৰাইজ কিমান সচেতন হৈছে কভিড মহামাৰীক লৈ?

কভিডে সমগ্ৰ বিশ্বৰ লগতে ভাৰত বৰ্ষতো ত্রাসৰ সৃষ্টি কৰিছে। অসমতো ইয়াৰ বিপৰীত নহয়। কভিড মহামাৰীয়ে জনজীৱন স্তব্ধ কৰি পেলাইছে। স্কুল- কলেজ সকলো বন্ধ। শিক্ষা ব্যৱস্থা প্ৰায় সম্পূৰ্ণ ৰূপে স্থগিত হৈ পৰিছে। বৰ্তমানে চৰকাৰী কাৰ্যালয় সমূহো বন্ধ ৰাখিবলৈ বাধ্য কৰিছে।আমাৰ গ্ৰাম্য অঞ্চলৰ মানুহক বিশেষ সাৱধানতা অৱলম্বন কৰা দেখা পোৱা নাই। বজাৰত সেই একেই ভিৰ , মুখত নাই মাস্ক । সকলোৰে ঘৰত টিভি, মোবাইল ফোন আছে যত বাতৰি সমূহ দেখিব পাৰে তাৰ পিছতো তেওঁলোক সাৱধানতা অৱলম্বন কৰা দেখা পোৱা নাই। ডাক্তৰ- নাৰ্চ বোৰে দিন ৰাতি একাকাৰ কৰি নিজৰ জীৱনৰ চিন্তা নকৰি কৰ্মত নিয়োজিত হৈ আছে আৰু সাধাৰণ ৰাইজে ইয়াক গুৰুত্ব সহকাৰে নোলোৱা দেখা গৈছে।

বজাৰত লক্ষ্য কৰিলে ৮০% মানুহৰ মুখত মাস্ক নাই , সিহঁতক দেখি এনেকুৱা লগে যেন কভিড নায়েই। নিজৰ লগতে বেলেগৰ জীৱন লৈয়ো খেলি আছে। যেনেকোৱা অৱস্থাত ইহঁত আছে যদি এনেকৈয়ে চলে তেন্তে সন্মুখত ডাঙৰ বিপদ যে আহিব সেয়া নিশ্চিত। এই ক্ষেত্ৰত প্ৰশাসন দৃষ্টি নিক্ষেপ কৰিব লাগে।

মানুহ সজাগ হোৱা নাই নে জানিও এনেকুৱা অৱস্থাৰ সৃষ্টি কৰে ধৰিব পৰা হোৱা নাই কাৰণ চাৰিওফালে মৃত্যুৰ কিৰিলী শুনা পাই আছে, নিজৰ লৰা – ছোৱালী স্কুলত যাব পৰা নাই, গুৰুত্বপূৰ্ণ পৰীক্ষা সমূহ অনুষ্ঠিত কৰিব পৰা । ইমানবোৰ হৈ যোৱাৰ পিছতো মানুহে অৱহেলাৰ দৃষ্টিৰে চাইছে। প্ৰশাসনে মানুহক সজাগ কৰাৰ বাবে কি কৰিব লাগে কৰক। নহলে বিপদ নিশ্চিত।

বজাৰত গলে যি অৱস্থা দেখিব পৰা যায়, যদি মানুহ সংশোধন নহয় কভিডৰ যি নিয়ম – নীতি বান্ধি দিছে এই নিয়মবোৰ যদি আৰু ছমাহ লৈকে চলে তথাপিও একো লাভ নহব ।
মানুহৰ ভাল যেতিয়া মানুহে নুবুজে তেতিয়া প্ৰশাসন কিছু পৰিমাণে কঠোৰ হবই লাগিব। যদি প্ৰশাসন কঠোৰ হলে মানুহ এই বিপদৰ পৰা ৰক্ষা পৰিব পাৰে তেন্তে হওঁক কঠোৰ। কিন্তু এই কঠিন সময়ৰ পৰা সকলোকে ৰক্ষা কৰক।

সকলোৱে কভিড প্ৰটকল মানি কেৱল নিজৰ নহয় , নিজৰ লগতে বেলেগৰ জীৱন বচাবলৈ চেষ্টা কৰক। এই সময় গুচি যাব যদিহে আপোনালোকে ধৈৰ্য সহকাৰে নিজৰ নিজৰ কৰ্তব্য পালন কৰি যায়। আৰু যদি আপোনালোকে নিজক সুৰক্ষিত নকৰে , এই নিয়ম – নীতি মানি নচলে তেন্তে এই সময় কিমান দিন লৈকে চলিব তাৰ ঠিক নাই।

Leave a Reply