You are currently viewing চৰকাৰৰ পৰা নৱম আৰু দশম মান শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীয়ে পাবলগীয়া চেনেহৰ উপহাৰে কিমান খিনি সহায়ক হব?

চৰকাৰৰ পৰা নৱম আৰু দশম মান শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীয়ে পাবলগীয়া চেনেহৰ উপহাৰে কিমান খিনি সহায়ক হব?

কোভিড মহামাৰীয়ে জন জীৱন স্তব্ধ কৰাৰ লগতে শিক্ষাৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাইছে।

বিশেষকৈ সৰু- লৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত পঙ্গু কৰি পেলাই আছে। কাৰণ প্ৰায় দুবছৰ ধৰি শিক্ষানুষ্ঠান সমূহ প্ৰায়ে বন্ধ হোৱাৰ কাৰণে লিখা – পঢ়াৰ প্ৰতি লৰা – ছোৱালীৰ যি হেঁপাহ সেয়া বহু পৰিমাণে কমি গৈছে।

সৰু থাকোঁতে পৰীক্ষা বুলি কলে আমি আনন্দ পাইছিলো, পঢ়িব লাগিব, ক্লাছত ৰোল নং ১ বনাবই লাগিব। বিদ্যালয়ত প্ৰথম পুৰস্কাৰ পাবই লাগিব। এনেকুৱা চিন্তা আছিল, আনন্দও লাগিছিল।
কিন্তু বৰ্তমান সময়ত লৰা – ছোৱালীৰ সেইটো অনুভৱ প্ৰায় নোহোৱা কৰি পেলাইছে এই কৰণা মহামাৰীয়ে। দেশৰ অৰ্থনীতিও বহুত বেয়া।

তেনেক্ষেত্ৰত বাজেট অধিৱেশনত অনলাইন পাঠদানৰ ক্ষেত্ৰত স্মাৰ্টফোন যাতে হেঙাৰ হ’ব নোৱাৰে তাৰবাবে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকললৈ চৰকাৰৰ তৰফৰপৰা এটি চেনেহৰ উপহাৰ দিব।
কিন্তু এই উপহাৰ লাভজনক হব নে লৰা – ছোৱালীৰ কাৰণে ক্ষতিকাৰক হব সেয়া ভাৱিবলগীয়া বিষয়।

এইটো সময়ত লৰা – ছোৱালীৰ ভাল – বেয়া বিচাৰ কৰিব পৰা ক্ষমতা ইমানো নহয় যে কেৱল নিজৰ প্ৰয়োজনত মোবাইল ব্যৱহাৰ কৰিব। বহুত এনেকুৱা পৰিয়ালো আছে যত পিতৃ- মাতৃ লিখা পঢ়া কৰা নাই, একো বুজি নাপায়, সিহঁতেও গম নাপাব কি কৰি আছে মোবাইলত।

অনলাইন পাঠদান মোৰ মতে এনেই বেছি ফল‍প্ৰসু নহয়, আমি যিখিনি মনোযোগ দিব লাগে দিব নোৱাৰোঁ। অনলাইন পাঠদানৰ নামত লৰা-ছোৱালী আকৌ মোবাইল আসক্ত হৈ পৰিব নেকি ?

আজি কালি অনলাইন গেম খেলিবলৈ সৰু লৰা- ছোৱালীৰ হাতত মোবাইল ফোন থাকে। গোটেই দিনটো ঘৰত থকাৰ বাবে সৰু লৰা – ছোৱালীয়ে অজস্ৰ সময় পোৱাৰ বাবেই যি সময়সূচী আছিল সেইটো সম্পূৰ্ণ ৰূপে সলনি হৈ পৰিছে। লৰা- ছোৱালীক লিখা পঢ়াৰ ক্ষেত্ৰত যথেষ্ট এলেহুৱা কৰি পেলাইছে।

নৱম- দশম শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীয়ে অনলাইন পাঠদানত কিমান ফলপ্ৰসু হব সেয়াও ভাৱিবলগীয়া বিষয় হৈ পৰিছে।

অনলাইন পাঠদানটো একেবাৰে নিজৰ ওপৰত নিৰ্ভৰ কৰিব কিমান খিনি নিজে উপকৃত হব, কিন্তু এই লৰা – ছোৱালীবোৰক লৈ ইয়াৰ অপব্যৱহাৰৰ ভয়ে বেছি।

অনলাইন পাঠদানৰ ক্ষেত্ৰত স্মাৰ্টফোন যাতে হেঙাৰ হ’ব নোৱাৰে তাৰ বাবে চিন্তা কৰিছে চৰকাৰে কিন্তু
স্মাৰ্টফোনে যদি বিপথে পৰিচালিত কৰে সেয়া আৰু ক্ষতিকাৰক হয়।

নিউজত প্ৰায়ে শুনা যায় মোবাইল ফোন, অনলাইন গেম খেলিব নিদিয়াৰ বাবে লৰা – ছোৱালীৰ বিভিন্ন অঘটনৰ ঘটনা।

এই অনলাইন পাঠদানত ছাত্ৰ- ছাত্ৰী উপকৃত বেছি হব নোৱাৰিব। কেতিয়াবা শৈক্ষিক পৰিৱেশে গঢ় লৈ নুঠে। আৰু স্মাৰ্ট ফোনে সকলো প্ৰকাৰৰ জ্ঞান দিব পাৰে, কিন্তু লোৱাৰ ক্ষমতা এইটো সময়ত , বয়সত সিমানখিনি নাথাকিব। ইয়াৰ পৰা লৰা – ছোৱালী আসক্ত হোৱাৰ সম্ভাৱনাও নথকা নহয়।

অতি সোনকালে কোভিদ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আকৌ শ্ৰেণী কোঠাত পঢ়াৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰ , প্ৰশাসন তৎপৰ হৈ উঠক।

এনেকৈ চলিলে অৰ্থনীতিৰ যি অৱস্থা কেইদিন পিছত মানৱ, সম্পদ হিচাপে নহয় , বোজা হিচাপে থাকি যাব।

Leave a Reply