You are currently viewing এখন বিশেষ ছিনেমা’দ্যা কাশ্মীৰ ফাইল’।
এখন বিশেষ ছিনেমা ছিনেমাখনৰ নাম 'দ্যা কাশ্মীৰ ফাইল'।

এখন বিশেষ ছিনেমা’দ্যা কাশ্মীৰ ফাইল’।

এখন বিশেষ ছিনেমা। ছিনেমাখনৰ নাম ‘দ্যা কাশ্মীৰ ফাইল’। এই ছিনেমাখন চোৱাৰ বাবে অসমত অর্ধ দিনৰ ছুটি ঘোষণা হিমন্ত চৰকাৰৰ।

হয়, সদ্য মুক্তি লাভ কৰা ‘দ্যা কাশ্মীৰ’ ফাইল নামৰ ছিনেমাখন চাবৰ বাবে চৰকাৰী কৰ্মচাৰীসকলক উৎসাহিত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অৰ্ধ দিনৰ ছুটি ঘোষণা কৰিছে। কাশ্মীৰি পণ্ডিতসকলৰ জীৱন যন্ত্ৰণা কাহিনীৰ আধাৰত নিৰ্মিত ‘দ্যা কাশ্মীৰ ফাইল’ ছিনেমাখন চাব বিচৰা চৰকাৰী খণ্ডৰ কৰ্মচাৰীসকলে ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনালেই হ’ল, তেওঁলোকৰ ছুটি মঞ্জুৰ হৈ যাব। সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে বিজেপি শাসিত ৰাজ্য অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

কি আছে এই ‘দ্যা কাশ্মীৰ ফাইল’ ছিনেমাত?

আমাৰ কাশ্মীৰী সকলৰ বেদনা আৰু কষ্টৰ ওপৰত এইখন সৎ চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে বুলি পৰিচালকে দাবী কৰিছে।

উল্লেখ্য যে, মঙ্গলবাৰে দলীয় বৈঠকত দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে এই মুহূৰ্তৰ বহল আলোচিত ছবি ‘দ্যা কাশ্মীৰ ফাইল’ৰ ভূয়সী প্রশংসা কৰি তেওঁ সকলোকে ছিনেমাখন চাবলৈ আহ্বান জনাইছিল। তাৰেই পৰিপেক্ষিতত মঙ্গলবাৰে মহানগৰীৰ চিটি চেণ্টাৰৰ PVR’ত বিজেপি বিধায়কসকলক লগত লৈ ‘দ্যা কাশ্মীৰ ফাইল’ ছিনেমাখন উপভোগ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আগতেই বিজেপি শাসিত ৰাজ্যসমূহত সাম্প্ৰতিক সময়ৰ অতিকৈ চৰ্চিত কথাছবি খনক মুক্তি দিয়া হৈছিল। মধ্যপ্রদেশৰ বিজেপি চৰকাৰে ‘দ্যা কাশ্মীৰ ফাইল’ ছিনেমাখন চাবলৈ পুলিচ কৰ্মীসকলৰ বাবে বিশেষ ছুটি মঞ্জুৰীৰ কথা ঘোষণা কৰিছে। এইবাৰ আৰু এখোজ আগুৱাই গৈ ‘দ্যা কাশ্মীৰ ফাইল’ চোৱাৰ কাৰণে চৰকাৰী কৰ্মচাৰীসকলক অর্ধ দিনৰ ছুটি দিয়া হ’ব বুলি প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই দৰেই সকলোকে ছিনেমাখন চাবলৈ উৎসাহিত কৰা পৰিলক্ষিত হৈছে।

নব্বৈৰ দশকত পাকিস্তানী সন্ত্ৰাসবাদীৰ দ্বাৰা নিৰ্যাতিত, নিপীড়িত, বাস্তচ্যূত কাশ্মীৰি পণ্ডিতসকলৰ জীৱন যন্ত্ৰণাৰ কাহিনীক আধাৰ হিচাপে লৈ নিৰ্মিত কথাছবি খন উপভোগ কৰিবলৈ চৰকাৰী কৰ্মচাৰী সকলৰ বাবে অৰ্ধ দিনৰ ছুটি ঘোষণা কৰাৰ যুক্তি ক’ত? প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীলৈকে সকলোৱে এই ছিনেমাখন চাবলৈ আহ্বান জনোৱাৰ অৰ্থ কি? ছিনেমাখনত তেনেকুৱা কি কৰিশ্মা লুকাই আছে? ‘দ্যা কাশ্মীৰ ফাইল’ চোৱাৰ পিছত দেশৰ কি উপকাৰ বা কল্যাণ সাধন হ’ব? এচামৰ মনত এনেবোৰ প্ৰশ্নই জোকাৰি থকাৰ সময়তে ইতিমধ্যে ছিনেমাখন উপভোগ কৰা একাংশ দৰ্শকে সামাজিক মাধ্যম যোগে নিজৰ অভিজ্ঞতা তথা মতামত আগবঢ়াইছে। তেওঁলোকৰ মতে ছিনেমাখনত হেনোঁ একোৱেই নাই। ছবিখনৰ লক্ষ্য-উদ্দেশ্য, সমাধানসূত্ৰ বা সমাপ্তি একোৱেই বুজিবলৈ নাই। এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে হিন্দুৰ মনত ঘৃণাৰ ভাৱ সৃষ্টি কৰিবলৈ একপক্ষীয়ভাৱে নিৰ্মাণ কৰা ছিনেমাখনে সৰ্ব ধৰ্ম সমন্বয়ৰ দেশত হিন্দু-মুছলমানৰ মাজত থকা জাউতিযুগীয়া ভাতৃত্ববোধ নষ্ট কৰিব বুলি একাংশই ধাৰণা কৰে। এনেকুৱা বিতৰ্কিত, আপত্তিজনক আৰু সাম্প্ৰদায়িক ছিনেমাক দেশৰ ছেনছাৰ বোৰ্ডে মুক্তি দিব নালাগিছিল। আচলতে যিবোৰ ছিনেমা, ছিৰিয়েল বা অনুষ্ঠানে দেশমাতৃৰ প্ৰতি ভালপোৱা তথা দেশৰ অখণ্ডতা, উন্নতিৰ চিন্তা কৰিবলৈ উৎসাহিত কৰে আৰু জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৰে মাজত প্ৰেম-ভালপোৱা, সদ্ভাৱ, সমন্বয়-সম্প্ৰীতিৰ সেতু গঢ়ি তোলে তেনেকুৱা ছবিক’হে অনুমতি দিয়া উচিত।

প্ৰসংগত উল্লেখ্য যে, জম্মু আৰু কাশ্মীৰত কেৱল হিন্দুৰ ওপৰতেই অত্যাচাৰ-নিৰ্যাতন চলা নাছিল, বৰঞ্চ পাকিস্তানী কুলাঙ্গাৰ, নৰাধম, সন্ত্ৰাসবাদীৰ দ্বাৰা হিন্দু-মুছলমান উভয় ধৰ্মাৱলম্বীৰ লোকেই যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছিল। নব্বৈৰ দশকত যেতিয়া হিন্দু পণ্ডিতসকলৰ ওপৰত পাকিস্থান সমৰ্থিত সন্ত্ৰাসবাদীৰ পাশৱিক অত্যাচাৰ চলিছিল তেতিয়া কোনো মুছলমানো সাৰি যাব পৰা নাছিল। তাৰ মাজতে ভাল লগা কথাটো হৈছে, সেই বিপদসংকুল সময়ত কাশ্মীৰি মুছলমানে বহু হিন্দুক ৰক্ষা কৰিছিল, নিৰাপত্তাও দিছিল। এনেবোৰ কাৰণেই’তো কোৱা হয়, ছাৰে জাহা ছে আচ্ছা হিন্দুস্থান হামাৰা। আচলতে বৈচিত্ৰৰ মাজত ঐক্য থকা ৰাম-ৰহিমৰ এইখন বাৰেচহৰীয়া ফুলনি বাগিচা সদৃশ্য ভাৰতবৰ্ষৰ তুলনা নাই, জয় হিন্দ।

জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)
মবাইলঃ ৯৭০৬৬-৬৬১৯২

Leave a Reply