You are currently viewing নেদেখা জনলৈ চিঠি
নেদেখা জনলৈ চিঠি

নেদেখা জনলৈ চিঠি

নেদেখা জনলৈ চিঠি,

তোমালৈ বুলি হিয়া ভৰা মৰম পঠালো, আজি কালি আমিবোৰে বহুত যন্ত্ৰণাত আছোঁ। অসমখন যে এতিয়া দিনক দিনে বেলেগ ৰূপ লৈ আছে। জন্মস্থানৰ বুকু খহি আছে, বেকী ব্ৰহ্মপুত্ৰই যে খহাই নি আছে মানুহৰ ঘৰ – দুৱাৰ। মানুহৰ যাবলৈ ঠাই নাই , জানা ৰাস্তাৰ দাঁতিত সৰু সৰু লৰা ছোৱালী লৈ শুই আছে। খাবলৈ একো নাই। নৈ বোৰেও যেন কিয় খং কৰি আছে? অহ জানা, আচলতে নৈবোৰৰ ও দোষ নাই বুজিলা? সিহঁতৰ বুকু যে উদং কৰি আছে কিছুমান স্বাৰ্থলোভি মানুহে। সেয়ে এনেকৈ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে চাগে। সকলো সময়তে এক যন্ত্ৰণাত দিন কটাবলগীয়া হৈছে । প্ৰতিদিনাই ধৰ্ষণ, হত্যা আদিৰ বাতৰিয়ে এতিয়া হৃদয়খন সৰু কৰি পেলাইছে। কত কেতিয়া কি হব কোৱাতো নাযায়।
লুণ্ঠনকাৰীৰে সোনৰ অসমখন ভৰি পৰিছে জানা?
ধৰ্ম নিৰপেক্ষতাৰ দেশখনত এতিয়া মাথোঁ ধৰ্মৰ নামতে হিংসা বিয়পি পৰিছে। কোৱানা মানুহৰ তেজত এই হিন্দু – মুচলমান বুলি লিখা আছে জানো? মানৱতাৰ ওপৰতো কিবা ধৰ্ম আছে জানো?
কিছুমান নায়ক ৰূপী খলনায়কবোৰে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেইতো এইবোৰ কৰি আছে। কিন্তু আমি যে বুজিও নুবুজাৰ ভাও জুৰি আছোঁ। সেয়ে আমাৰ বিপদ নিশ্চিত হৈ আছে।

তোমাক তো কোৱাই নহল এই কেইদিনৰ খবৰ। জানা কেইদিন ধৰি উচ্ছেদ চলাইছে চৰকাৰে। যত ভয়াবহ পৰিৱেশ ও হৈ পৰিছে। আৰক্ষী আৰু সেই মানুহবোৰে কাজিয়াত লিপ্ত হৈছে। তিনিজন মান এতিয়া লৈকে নিহত হৈছে। এনেই ঘৰ বাৰী নোহোৱাৰ যন্ত্ৰণাতো আছিলে এতিয়া আৰু নিজৰ আপোন মানুহজনকো মাৰি পেলালে। এজন নৰ পিচাশৰ কাণ্ড , জানা কি কৰিছে? এজন মৃতকৰ ওপৰত জঁপিয়াই পৰি তাক আঘাত কৰিছে, শুনা পালোঁ পুলিচৰেই কেমেৰা মেন আছিল বোলে। সন্মুখত পুলিচ আছিলেই। এতিয়া সদায় মনটো ছটফটাই থাকে, শান্তি একেবাৰেই নালাগে। অসম খনৰ যি অৱস্থা , কিবা ভয়ংকৰ বিপদৰ আগ জাননী দি আছে নেকি ? আৰু নিলিখো , আজিলৈ ইমানতে সামৰিছো।
তুমিতো সকলো জানা। সকলোৰে উৰ্ধত তুমি। পাৰিলে আমাৰ অসমখন শান্ত কৰিবা। বাট চাই থাকিলো তোমালৈ।

ইতি,
তোমালৈ নিবেদন কৰা প্ৰতিগৰাকী ব্যক্তি।

REHENAPARVEEN.COM

                          

Leave a Reply