You are currently viewing বৰ্তমান সময়ত ফেচবুকত কি চলি আছে?

বৰ্তমান সময়ত ফেচবুকত কি চলি আছে?

এতিয়াও কোৰোনা মহামাৰী ভয়ংকৰ ৰূপ ধাৰণ কৰিয়েই আছে। সমগ্ৰ বিশ্ব প্ৰায় থমকি যোৱা অৱস্থা। ইয়াৰ পৰা সাত সাৰিবলৈবিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰায় স্তব্ধ হৈ পৰিছে শিক্ষা ব্যৱস্থা। মুঠতে সকলো মানুহৰ জীৱনত বেমেজালিৰ সৃষ্টি হৈছে।

ফেচবুক খোলাৰ লগে লগে এতিয়া এটা বিষয় দেখিবলৈ পোৱা যায়। সেই বিষয়টো হৈছে ধৰ্মক লৈ বিবাদ। যদি কোনো মুচলমান মানুহে কিবা অপৰাধ কৰিছে তেন্তে হিন্দু এজনে সেইটো লৈ গোটেই জাতিটোক লৈ ফেচবুকত লিখি থাকিব আৰু গোটেই জাতিটোক বেয়া বুলি চাৰ্টিফিকেট দি দিব, যদি এজন হিন্দুৱে কিবা বেয়া কাম কৰিছে , মুচলমান মানুহবোৰে সেইবোৰ মচলা ভৰাই পোষ্ট কৰি,গোটেই জাতিটোক বদনাম কৰিব। আৰু তাৰ তলত যদি মন কৰে তেন্তে কিছুমান কমেণ্টৰ বৰষুণ পৰাৰ দৰে পৰি থাকিব। লাগি গল যুদ্ধ। আৰু কাজিয়া লগাই দিয়া জনে চাগে ভাৱে যে মই এতিয়া জনপ্ৰিয় হৈ গলো।

ধৰ্ষণ কৰা মানুহবোৰ মানুহ হব নোৱাৰে, যি জাতি, ধৰ্মৰ নহওঁক কিয়। এজন মানুহ যেতিয়া নিজৰ মানুহ হোৱাৰ চেতনা হেৰাই দানৱ হৈ পৰে তেতিয়া মানুহবোৰে ধৰ্ষণৰ দৰে এনেকুৱা কাম সংঘটিত কৰে। সেইবোৰ কেতিয়াও মানুহ হব নোৱাৰে। এইবোৰক কঠোৰতম শাস্তি বিহিব লাগে। কিন্তু এনেকুৱা জঘণ্য মানুহৰ কাৰণে কোনো এটা সম্প্ৰদায়ৰ লোকক গালি পাৰাটো কিমান গ্ৰহণযোগ্য?

ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ এখনত ধৰ্মক লৈ বিতৰ্ক সৃষ্টি কৰি নিজৰ মাজতে কন্দল কৰাটো বেয়াহে হব। প্ৰথমে মানুহ হবলৈ শিকিব লাগে। কাৰণ এজন মানুহৰ গাত কেতিয়াও ধৰ্মৰ নাম লিখা নাথাকে। এজন মানুহে যেতিয়া নিজৰ ধৰ্মক ভাল পায় তেওঁ কেতিয়াও বেলেগৰ ধৰ্মক বেয়া পাব নোৱাৰে। কোনো ধৰ্ম গ্ৰন্থত কিজানি বেলেগ ধৰ্মক বা ধৰ্মৰ মানুহক ঘীন কৰিবলৈ কোৱা নাই। যিজনে বেলেগ ধৰ্মক গালি দিয়ে সেইজন কেতিয়াও নিজ ধৰ্মক ভাল পাব নোৱাৰে।

ফেচবুকত কিছুমান মানুহ দেখিবলৈ পোৱা যায় যিবোৰে ধৰ্মৰ ৰক্ষক বুলি নিজকে পৰিচয় দিয়ে , সেইবোৰ মানুহেই সঁচা অৰ্থত কন্দলৰ সৃষ্টি কৰে। সেইবোৰ মানুহৰ ভালখিনি লব লাগে আৰু বেয়াখিনি প্ৰত্যাখ্যান কৰিব লাগে। যিকোনো মানুহৰে ভাল খিনি গ্ৰহণ কৰি বেয়াখিনি প্ৰত্যাখ্যান কৰাটো নিজৰ কাৰণে ভাল।

এতিয়া এনেকুৱা হৈ পৰিছে যে যদি কোনো মুচলমান মানুহে কিবা অপৰাধ কৰিছে তেন্তে হিন্দু এজনে সেইটো লৈ গোটেই জাতিটোক লৈ ফেচবুকত লিখি থাকিব আৰু গোটেই জাতিটোক বেয়া বুলি চাৰ্টিফিকেট দি দিব, যদি এজন হিন্দুৱে কিবা বেয়া কাম কৰিছে , মুচলমান মানুহবোৰে সেইবোৰ লিখি গোটেই জাতিটোক বদনাম কৰিব। অপৰাধী এজন অপৰাধীয়ে। এইবিলাক লিখি নিজক জনপ্ৰিয় কৰি তুলিবলৈ বিচাৰিলে এদিন একেবাৰে গেলা – পচা বস্তু হৈ পঢ়িব।

আন ধৰ্মক সমালোচনা নকৰি আগতে নিজৰ মাজত থকা ভূলবোৰ আঙুলিয়াব। নিজৰ মাজত সংশোধন আনক। যদি ইমানেই জাতি – ধৰ্ম লৈ লিখিব মন যায় তেন্তে নিজৰ ধৰ্মৰ মানুহক ভাল বনাঁওক। অপৰাধ হৈয়েই আছে আৰু মানুহ ৰূপী দানৱবোৰেই কৰি আছে। নিজৰ মাজত থকা এইবোৰ আগতে নাইকীয়া কৰক।

জাতি – ধৰ্মৰ কথা কৈ ভাৰতৰ ঐক্য , ভাতৃতবোধক আঘাত নকৰিব , নিজৰ মাজতে দেশখনক বিভাজন নকৰিব। এনেকুৱাকৈ চলাৰ বাবে আজি আমি বহুত পিছ পৰি আছোঁ। আমি গঠনমূলক চিন্তা বাদ দি এইবোৰ কামত নিজৰ সময় নষ্ট কৰি নিজৰ বিপদ নিজে মাতি আনি আছোঁ। কোনোবাই সাম্প্ৰদায়িকতাৰ বীজ ৰোপন কৰিব বিচাৰিলে তাত সাৰ- পানী যোগোৱা বন্ধ কৰি দিয়ক। সেই লিখনি পঢ়াৰ পৰাও বিৰত থাকক। ভাৰতীয় হিচাপে নিজক পৰিচয় দিয়ক, হিন্দু – মুছলিম, খ্ৰীষ্টিয়ান, ইত্যাদি বুলি নহয়।

বিশেষ কৈ আমাৰ যুৱ- সমাজ সজাগ হওঁক, তেনেকুৱা চিন্তাক কেতিয়াও প্ৰধান্য নিদি আমি একেলগ হৈ আগবাঢ়ি ঐক্য প্ৰতিষ্ঠা কৰো আহঁক। দেশৰ উন্নতিৰ হকে আমি আগবাঢ়ি যাওঁ আহঁক। আমি আমাৰ নিজৰ ভূলবোৰ শুধৰাই মানৱ যে শ্ৰেষ্ঠ সেয়া প্ৰমাণ কৰি দেখুৱাওক।

Leave a Reply