বিশ্বকৰ্মা পূজা

বিশ্বকৰ্মা পূজাৰ বিষয়ে কিছু কথা

১৭ ছেপ্টেম্বৰ, বিশ্বকৰ্মা জয়ন্তী

বিশ্বকৰ্মা পূজা

এই বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তী ভাৰতবৰ্ষৰ ত্ৰিপুৰা, অসম, পশ্চিম বংগ, বিহাৰ, কৰ্ণাটক, ঝাৰখণ্ড, উৰিষ্যা আদি ৰাজ্যত প্ৰতিবছৰ ভাদ মাহৰ সংক্ৰান্তি বা কণ্যা সংক্ৰান্তিত বৰ উলহমালহেৰে পালন কৰা হয়। এই পৱিত্ৰ উৎসৱটি বিষেশকৈ কল-কাৰখানা, গেৰেজ আদি উদ্যোগিক স্থানসমূহত পালন কৰা হয়। হিন্দু ধৰ্মত শ্ৰী শ্ৰী বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা তথা দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়।

আজি নিৰ্মাণ-সৃজনৰ দেৱতা তথা দেৱশিল্পৰ আৰাধনা আৰু জয় ধ্বনিৰে মুখৰিত হ’ব ৰাজ্যৰ আকাশ-বতাহ। ইতিমধ্যে পূজা মণ্ডপ সমূহ আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। জাকজমকতাৰে পৰিপূৰ্ণ পূজা মণ্ডপ সমূহ আলোকসজ্জাৰে সজ্জিত কৰি ভক্ত বিন্দুৰ বাবে মুকলি কৰা হৈছে। পূজা মণ্ডপ সমূহৰ এই মনোমোহা দৃশ্যই ধৰ্মপ্ৰাণ ৰাইজক আকৰ্ষিত কৰা দেখা গৈছে।

কিয় পালন কৰা হয় এই পূজা?

সম্প্ৰতি বিশ্বকৰ্মা পূজাক কেন্দ্ৰ কৰি ৰাজ্যৰ চাৰিওঁফালে কেৱল আনন্দ উল্লাসৰ বাতাবৰণ৷ উল্লেখ্য যে, হিন্দু ধৰ্ম শাস্ত্ৰমতে বিশ্ব-ব্ৰহ্মাণ্ড সৃষ্টিৰে পৰা আজিলৈ যিমান সময় (বছৰ) অথবা কাল হ’ল তাকে চাৰিটা ভাগত ভাগ কৰা হৈছে। একোটা ভাগক যুগ বুলি কোৱা হয়। সত্যযুগ, ত্ৰেতাযুগ, দ্বাপৰযুগ আৰু কলিযুগ। হিন্দু ধৰ্ম মতে বিশ্বকৰ্মাই এই চাৰিওটা যুগতেই সৃষ্টি কৰিছে। শাস্ত্ৰত কোৱা হৈছে, ‘বিশ্বকৰ্মাই সত্যযুগত স্বৰ্গলোক সৃষ্টি কৰিছিল। ত্ৰেতা যুগত সোণৰ লঙ্কা সৃষ্টি কৰিছে। দ্বাপৰ যুগত দ্বাৰকা নগৰ সৃষ্টি কৰিছে আৰু কলিযুগত হস্তিনাপুৰ তথা ইন্দ্ৰপ্ৰস্থ সৃষ্টি কৰিছে’। আজি সেই বিশ্বখনিকৰক সন্তুষ্ট কৰি তেওঁৰ আশীষ লাভ কৰিবলৈ পূজাৰ ব্যৱস্থা কৰা হৈছে।

Also, read শ্ববে কদৰ বা ভাগ্যৰ ৰাতি

প্ৰসংগত উল্লেখ্য যে, বিশ্বকৰ্মা জয়ন্তী তেতিয়াহে স্বাৰ্থক হ’ব যেতিয়া বিশ্বকৰ্মাৰ সৃষ্টিৰাজিক অন্তকৰণেৰে অনুসৰণ কৰি সমাজত আস্থা-বিশ্বাস, শ্ৰদ্ধা-ভক্তি, প্ৰেম-ভালপোৱা, সমন্বয়-সম্প্ৰীতি তথা সহিষ্ণুতাৰ বাতাবৰণ সৃষ্টিত মনোনিবেশ কৰা হ’ব। মানৱীয় গুণেৰে পৰিপুষ্ট হৈ দেশ তথা দহৰ শান্তি আৰু প্ৰগতিৰ স্বাৰ্থত আহোপুৰুষাৰ্থ কৰা হ’ব। হিংসা, ঘৃণা, নিন্দা, বিভেদ, বিদ্বেষ, বৈষম্য, ঈৰ্ষা, শত্ৰুতা তথা অশান্তিৰে ভৰপূৰ এইখন বাৰেৰহণীয়া ফুলনি বাগিচা সুদৃশ্য ৰাম-ৰহিমৰ দেশত ঐক্য-শান্তি স্থাপন কৰা হ’ব। হয়, এইসমূহ মহান আৰু পূজনীয় কাম কৰিলে নিশ্চিতভাৱে উৎসৱ-পৰ্বৰ সমানেই অন্তৰত অফুৰন্ত শান্তি, তৃপ্তি, আনন্দ আৰু স্বৰ্গীয় সুখানুভূতি লাভ হ’ব।

একেদৰে মুছলমান সকলেওঁ কেৱল ঈশ্বৰৰ উপাসনা কৰিয়েই সৰগীয় বাসিন্দা হৈ পৰাৰ ভ্ৰম ত্যাগ কৰি সমাজৰ লগতে ৰাষ্ট্ৰৰ প্ৰতি থকা দ্বায়িত্বৰ কৰ্তব্যও পালন কৰিব লাগিব। দেশৰ একতা, শান্তি, উন্নতি আৰু পৰস্পৰৰ মাজত বিশ্বাস স্থাপনেৰে পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰিবলৈ আহোপুৰুষাৰ্থ কৰিব লাগিব। তদুপৰি সমাজৰ পৰা অপৰাধ-অপকৰ্ম তথা অসামাজিক পাপ কাৰ্যসমূহ নাইকিয়া কৰাৰ লগতে সমাজ সংস্কাৰৰ ওপৰত জোৰ দিব লাগিব। বিষেশকৈ সাম্প্ৰতিক সময়ত ‘ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰ’ৰ বাবে অতিকৈ বিপদজনক হৈ উঠা মাদক দ্ৰব্য অৰ্থাৎ ‘ড্ৰাগছ’ক নিৰ্মূল কৰিবই লাগিব, অন্যথা পূজা বা ঈশ্বৰ উপাসনা অৰ্থহীন হোৱাই নহয় বৰঞ্চ এইসমূহ ধৰ্ম কাৰ্য এদিন সংকটাপন্ন হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।

জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)

Leave a Reply