You are currently viewing বেকী এক্সপ্ৰেছৰ ইতিবৃত্তি | বেকী এক্সপ্ৰেছে কয়

বেকী এক্সপ্ৰেছৰ ইতিবৃত্তি | বেকী এক্সপ্ৰেছে কয়

আপুনি যদি Beki Express ৰ বিষয়ে কিবা জানিব খোজে বা জানিব প্ৰয়াস কৰি আছে তেন্তে এই লিখনিত আপোনালোকে বেকী এক্সপ্ৰেছৰ ইতিবৃত্তি পাব।

বেকী এক্সপ্ৰেছhttps://bekiexpress.com/

বেকী এক্সপ্ৰেছৰ ইতিবৃত্তি

দূর্নীতি, অন্ধবিশ্বাস আৰু অসামজিক কার্যকলাপৰ বিৰুদ্ধে, ৰাইজৰ সমস্যা, ৰাইজৰ পক্ষত আপােচহীন অবিৰত সংগ্রাম আৰু চৰ-চাপৰি অঞ্চলৰ ৰাইজৰ জীয়া প্রতিচ্ছবি দাঙি ধৰি প্ৰতিটো সমস্যাৰ সমাধান বিচাৰি বেকী এক্সপ্রেছে আগবাঢ়ি আহিছে ৰাইজৰ মাজত।

বেকী এক্সপ্ৰেছৰ জন্ম 2010

তেতিয়া ২০১০ চন, যেতিয়া সংবাদ কর্মী ৰকিবুল হাছান, সমাজকর্মী হাবিল খান, আনােৱাৰ হুছেইন, আদি কৰি কেবাজনাে ব্যক্তিৰ তৎপৰতাত নিজৰ অঞ্চলৰ জীয়া ছবি সমূহ দাঙি ধৰিবলৈ জন্ম দিছিল ‘বেঁকী নিউজ’ নামৰ এটা ক্যাবুল (Cable News Channel) নিউজ চেনেল। কলগাছিয়া ক্যাবুল কেন্দ্ৰৰ জড়িয়তে ৰুহুল আমিন আৰু কেবাজনাে সাংবাদিকৰ সহযােগত দুটা সপ্তাহত প্রতিবেদন আকাৰে প্ৰকাশ কৰা হৈছিল। কিন্তু সেই সময়ত বিভিন্ন সমস্যা আৰু সা-সজুলিৰ অভাৱত বেঁকী নিউজ বন্ধ হৈ পৰিছিল।

২০১৫ চনত দেশত 4G নেটৱৰ্কে প্ৰসাৰ লাভ কৰাত ছচিয়েল মিডিয়াৰ প্ৰসাৰ হ’বলৈ ধৰে। বর্তমান এই ছচিয়েল মিডিয়াৰ জড়িয়তে ছেকেণ্ডৰ ভিতৰত আমি গােটেই পৃথিৱীখনক একেলগে যেন পাওঁ। মূহুৰ্তৰ ভিতৰত খবৰ বিয়পি পৰে সামাজিক মাধ্যমৰ জড়িয়তে। বৰপেটা জিলাৰ কলগাছিয়াত 4G নেটৱৰ্কৰ সুবিধা থাকিলেও ফেচবুক, ইউটিউব আদি কৰি সামাজিক মাধ্যমত বাতৰি পৰিৱেশন খুবেই তাকৰ আছিল।

বৰপেটা জিলাৰ কলগাছিয়াত বাতৰি কাকত, দূৰদৰ্শনৰ ভালে সংখ্যক সংবাদ দাতা আছিল যদিও দূৰদৰ্শনত সকলাে বাতৰি প্ৰকাশ হােৱা নাছিল। কিন্তু বৃহত্তৰ কলগাছিয়াত এটা নিজাকৈ চেনেল স্থাপন কৰা খুবেই দৰকাৰ অনুমান হৈছিল। যেতিয়া সংবাদ দাতা এজনে এটা খবৰ সংগ্ৰহ কৰে, তেতিয়া তাত থকা মানুহবােৰে এটা আশাত থাকিছিল, জানােছাঁ আমাৰ গাঁৱৰ খবৰবােৰ আমিও দেখিবলৈ পাম। কিন্তু, বাতৰি প্ৰকাশ নহলে বাতৰি সংগ্ৰহ কৰা সাংবাদিকজনাে কেতিয়াবা কেতিয়াবা ৰাইজৰ ওচৰত জৱাবদিহী হ’ব লাগিছিল।

বৃহত্তৰ অঞ্চলটো চৰ-চাপৰি আৰু বহুত সমস্যাৰে জৰ্জৰিত। আমাৰ সমাজৰ কলা, সংস্কৃতি, সমস্যা আদি বিশ্বৰ দৰবাৰত দাঙি ধৰিবলৈ এটা নিজা প্লেটফৰ্মৰ অনুভৱ কৰিছিলোঁ আৰু এই অনুভৱ লৈ সংবাদ দাতা ৰকিবুল হাছান (Reporter, Dy365) আৰু স্বফিউল্লা খান (Shofiullah Khan, Digital Marketer) সহযােগত ২০১৫ চনত “Beki Express” ৰূপে নামাকৰণ কৰি ইউটিউব চেনেল (Beki Express YouTube Channel) মুকলি কৰিছিল আৰু খবৰ পৰিৱেশনৰ লগতে আমাৰ অঞ্চলৰ প্ৰতিভা বিকাশৰাজনৈতিক চেতনা আদি সমস্যাৰাজিৰ ওপৰত বিভিন্ন ধৰণৰ অনুষ্ঠানবােৰ কৰা হৈছিল। তেতিয়াই ফেচবুকত ‘Beki Express’ ৰ এটা পেজ খােলা হয়।

ইউটিউবত অনুষ্ঠানবােৰ চলি আছিল, ৰাইজে আদৰি লৈছিল। তেতিয়া অসমত ৱেব মিডিয়াৰ মৃদু বতাহ বলা আৰম্ভ হৈছিল আৰু ২০১৮ চনত মনোেৱাৰ হুছেইনৰ সম্পাদনাত ৰকিবুল হাছান, আব্দুল কায়ুম, ছাইফুল, মফিদুল ইছলাম আদি কৰি কেবাজনাে সংবাদ কর্মীৰ সহযােগত News 4 Assam নামৰ ৱেব পৰ্টেল হিচাপে সকলােৰে মাজত প্ৰকাশ পাইছিল। কিন্তু কিছুদিন পিছতেই কাৰ্যালয় সলনি হােৱাৰ বাবে ৰকিবুল হাছান News 4 Assam নামৰ ৱেব পৰ্টেল এৰি দিয়ে।

ইয়াৰ পিছতেই ২০২০ চনৰ জুলাই মাহত ‘Beki Express’ নামৰ ইউটিউব চেনেলটো ৰকিবুল হাছান, নজমুল হক, শ্বফিউল্লা খান, মফিদুল ইছলাম, ৰাজিবুল ইছলাম,ৰেহেনা পাৰবীন (গুণমনি) আৰু ছােভানুৰ আহমেদৰ নেতৃত্বত ‘Beki Express’ ৱেব পৰ্টেলৰ জন্ম হয়। নিউজ চেনেলটো বৃহত্তৰ কলগাছিয়া অঞ্চলৰ সমস্যাৰ ওপৰত, সদায় ৰাইজৰ পক্ষত, দুর্নীতি আৰু অসামাজিক কার্যকলাপৰ বিৰুদ্ধে, বাস্তৱ ছবি সমূহ দাঙি ধৰিবলৈ প্রতিজ্ঞাবদ্ধ হৈছিল।

এই কেইজন ব্যক্তিৰ পৰিশ্ৰম, দুর্নীতিৰ বিৰুদ্ধে যুঁজ, সত্যনিষ্ঠ বাতৰি পৰিৱেশন, সুপ্ত প্রতিভা বিকাশ আৰু ৰাইজৰ প্ৰতিটো সমস্যা দাঙি ধৰিবলৈ সদায় চেষ্টা কৰা ‘Beki Express’ ক ৰাইজে জনাইছিল বিপুল সঁহাৰি। বিশেষকৈ বৃহত্তৰ কলগাছিয়া অঞ্চলৰ সকলােবিলাক দিশ সামৰি আগবঢ়াই চেনেলটোক বৃহত্তৰ কলগাছিয়াবাসীৰ মৰম, সঁহাৰি আৰু প্ৰেৰণাৰ বাবে আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু অনুপ্ৰেৰণা পাইছোঁ।

গোটেই অসমতে বিয়পি পৰিল বেকী এক্সপ্ৰেছ-

প্রথমে যদিও Beki Express এ বৃহত্তৰ কলগাছিয়াৰ স্বাৰ্থত বৃহত্তৰ অঞ্চলৰ বাতৰি পৰিৱেশনৰ সিদ্ধান্ত লৈছিল, কিন্তু অফিচ লৈ অহা বাহিৰৰ পৰা ফোন আৰু পঠোৱা নিউজবােৰ চোৱাৰ পিছত সমগ্ৰ অসমতে সাংবাদিক নিযুক্তি দিবলৈ সিদ্ধান্ত ললে। সম্প্রতি সমগ্ৰ অসমৰ ৰাইজে বিপুল সঁহাৰি আগবঢ়াইছে।

পৰৱৰ্তী সময়ত Beki Express’ ৰ সমান্তৰালকৈ B Unique এণ্টাৰটেইনমেণ্ট আৰু সজাগতামূলক পেজৰ লগতে ‘B Express‘ নামৰ আন এটা পেজ মুকলি কৰে। ইয়াতেও ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে।

এয়া আছিল আপােনালােকৰ আর্শীবাদ পুষ্ট ‘Beki Express’ ৰ মধুৰ যাত্ৰা । মোৰ ফালৰ পৰা Beki Express’লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

Leave a Reply