You are currently viewing বৰপেটাৰ উপায়ুক্তৰ মহানুভৱতা

বৰপেটাৰ উপায়ুক্তৰ মহানুভৱতা

বৰপেটাৰ উপায়ুক্তৰ মহানুভৱতা

বানাক্ৰান্তৰ কাষত ত্ৰানকৰ্তা বৰপেটাৰ উপায়ুক্ত,ৰাইজৰ বিপৰ্য্যয়ৰ সময়ত দুৰ্গতৰ কাষত উপায়ুক্ত তেজ প্ৰসাদ ভূচাল।

বানাক্ৰান্তক উদ্ধাৰত সক্ৰিয় ভূমিকা গ্ৰহন কৰিছে উপায়ুক্তগৰাকীয়ে।
বানৰ মাজতে বিপদসংকুল নৌকা যাত্ৰা কৰি সত্ৰকনৰা,মন্দিয়া অঞ্চল পৰিদৰ্শন উপায়ুক্তজনৰ।

পূৱাৰ পৰা নিশালৈকে বিৰতি নোলোৱাকৈ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে। অসমৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্ত সকললৈ দুহাত মেলি সহায় কৰাৰ নিৰ্দেশ দিছে আৰু বৰপেটা জিলা উপায়ুক্তগৰাকীয়ে ঠিক তেনেদৰে বৰপেটাৰ অন্তৰ্গত পাঠবাউসী,ভেল্লা,সত্ৰকনৰা,বাঘবৰ,হাউলী,বৰপেটা ,কগাছিয়া,চেঙা, কৰাৰকুৰ আদি অঞ্চলৰ বানাক্ৰান্ত ৰাইজ আৰু চক্ৰবিষয়া সকলৰ লগত সঘনাই যোগাযোগ ৰাখি খবৰ লৈছে বন্যাৰ্তৰ।
ইতিমধ্যে খোৱাপানী, পশুৰ খাদ্য চাউলৰ বিতৰন কৰা হৈছে।
বিগত কেইবাদিন ধৰি জিলা উপায়ুক্তকে ধৰি জিলা পৰিষদৰ মূখ্য কাৰ্য্যবাহী বিষয়া,আটাইকেইজন অতিৰিক্ত উপায়ুক্ত,ৰাজহ চক্ৰ বিষয়া আদি কৰি জিলাখনৰ দায়িত্বশীল বিষয়া- কৰ্মচাৰীসকলে বিষেশকৈ বানাক্ৰান্তক উদ্ধাৰ ,নিৰাপদ আশ্ৰয় আৰু খাদ্য সামগ্ৰী যোগানত নামি পৰিছে।

সংসাৰী বানে জিলাখনৰ হেজাৰ-হেজাৰ ৰাইজৰ সা -সম্পতিৰ ব্যাপক ক্ষতি সাধন কৰে। বৰপেটা ,বাঘবৰ,বৰনগৰ, চেঙা আৰু সৰ্থেবাৰী এই ৰাজহ চক্ৰ প্ৰায় সম্পূৰ্ন বানপানীৰ কবলত।

বৰপেটাত ৪০, বাঘবৰত ১৭, চেঙা ৩৭, সথেবাৰীত ১১ টাকে ধৰি জিলাখনত মুঠ ১৪৫ টা আশ্ৰয়শিবিৰত বন্যাৰ্তই আশ্ৰয় লৈ আছে।

উল্লেখযোগ্য যে বৰপেটা জিলা প্ৰশাসনৰ এটি বিশাল বাহিনীয়ে নিয়মীয়াকৈ বান পৰিস্থিতিৰ তদাৰক কৰি আছে। ইতিমধ্যে চক্ৰবিষয়া, স্থানীয় আৰক্ষী আৰু এন ডি আৰ এফ বাহিনীৰ তৎপৰতাত জিলাৰ ৪৭২ জন লোকক দুৰ্গম বানৰ কৱলৰ পৰা উদ্ধাৰ কৰা হৈছে।

এই পৰ্য্যন্ত জিলাখনৰ বানপীৰীত সকলৰ মাজত ২৫৬৬১.৩৬ কুইন্টল চাউল, ৫০২৬.৪২ কুইন্টল দালি, ১৬৫৬.৯০ কুইন্টল নিমখ, ১২১৮৬.২৫ কুইন্টল পশুখাদ্য, ২১৮৮০ খন তিৰপাল, ২২০০০ পেকেট বিস্কুট বিতৰন কৰা হৈছে

বানে উটুৱাই নিয়া বৰপেটা-বাঘবৰ সংযোগী মূখ্য দলংৰ এপ্ৰোচ পুনৰ কাম আৰম্ভ কৰে।

জিলা উপায়ুক্তই সঘনাই (২৪×৭) অসমৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,বৰপেটাৰ অভিৱাবক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগত যোগাযোগ ৰাখিছে। উপায়ুক্তগৰাকীয়ে প্ৰায় কুৰিটা আশ্ৰয়শিবিৰ পৰিদৰ্শন কৰি তাত থকা বানপীৰিতসকলৰ দুখ-দুৰ্দশাৰ বুজ লয়। জিলা উপায়ুক্ত আৰু জ্যেষ্ঠ বিষয়াসকলেও বিভিন্ন আশ্ৰয়শিবিৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজলৈ আছে।
জিলা উপায়ুক্ত গৰাকীৰ এই মহানুভৱতাক ৰাইজে ভূয়সী প্ৰশংসা কৰি আছে।

Leave a Reply