You are currently viewing ভাৰতত  দুখীয়া মানুহবোৰ আৰু বেছি দুখীয়া হোৱাৰ কাৰণ কি ?

ভাৰতত দুখীয়া মানুহবোৰ আৰু বেছি দুখীয়া হোৱাৰ কাৰণ কি ?

ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। যিটো সংবিধানৰ প্ৰস্তাৱনাতে সংযোজন কৰা হৈছে। সংবিধান ৰ ৪২ নং সংশোধনী আইনৰ জৰিয়তে ১৯৭৬ চনত এই সমাজবাদী শব্দটো প্ৰস্তাৱনাত সংযোজন কৰিছে। ইয়াৰ অর্থ হৈছে ভাৰতবৰ্ষৰ মানুহৰ মাজত আয়, মৰ্যদা আৰু জীৱনধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য নাথাকিব। উৎপাদনৰ আহিলা সমুহ জাতিয়কৰণ হব। জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থা আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা হব। দেশৰ অৰ্থনীতি জনসাধাৰণে নিৰ্ধাৰণ কৰিব । ইয়াত পুঁজিপতিৰ দ্বাৰা দেশৰ অৰ্থনীতি নিৰ্ধাৰণ নহব।

ভাৰতবৰ্ষৰ মানুহৰ মাজত আয়, মৰ্যদা আৰু জীৱনধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য নাথাকিব বুলি কোৱা হৈছে কিন্তু প্ৰকৃততে এয়াই হৈছে নেকি?

মোৰ মতে হোৱা নাই । কেইদিন মান আগত পুঁজিপতি কিছুমানৰ ঋণ মাফ হল কিন্তু কৃষকৰ ঋণ মাফ কৰাত অসুবিধা কিয় হয় ?

দুখীয়াৰ কাৰণে ভাৰত চৰকাৰে বিভিন্ন আঁচনিৰ ব্যৱস্থা কৰিছে কিন্ত সেই আঁচনি সঠিক ভাবে ৰূপায়ন হৈছে নে নাই সেয়া কোনেও লক্ষ্য কৰা নাই।

উদাহণস্বৰূপে বানপানীৰ সময়ত যিবোৰ মানুহৰ ঘৰ বানত উটি গৈছিল , ভাঙি গৈছিল সেইবোৰ মানুহক চৰকাৰে সহায় কৰিবলৈ এটা আঁচনি লৈছিল যত গাওবুঢ়া, লাট মণ্ডল গ্ৰাম সেৱকক দায়িত্ব দিয়া হৈছিল যত পাহাৰ সম দুৰ্নীতিৰ বাতৰি বিভিন্ন মিডিয়াত দেখা গৈছে। প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি আত্মিয়ৰ নাম আৰু কিছু পইচা লৈ ক্ষয়- ক্ষতি নোহোৱা মানুহৰ নাম অন্তুভুক্ত কৰিছে। পকা ঘৰৰ ক্ষয় – ক্ষতি নহয় বুলিও কলে ভূল নহব আৰু পকা ঘৰৰ মালিক জন দৰিদ্ৰ সীমা ৰেখাৰ তলতো নপৰিব। কিন্তু তাতো দুখীয়া মানুহ আৰু ক্ষতি হোৱা মানুহ বঞ্চিত হল। দুখীয়াৰ আঁচনিও যদি ধনীয়ে পইছা দি হস্তান্তৰ কৰিব পাৰে তাৰ ওপৰত চৰকাৰ আৰু প্ৰশাসনে কঠোৰ দৃষ্টি দিব লাগে।

এনেদৰে সকলো আঁচনিতে মধ্যভোগী দালালে এইবোৰ কৰি আছে। যত দুখীয়া মানুহ এই বিভিন্ন আঁচনিৰ পৰা বাদ পৰিব লগীয়া হৈ আছে আৰু দুখীয়া সকল বেছিকৈ আৰ্থিক ভাৱে দুৰ্বল হৈ পৰিছে।

অগণন আঁচনি আছে দুখীয়া মানুহৰ বাবে , আৰু এই আঁচনি সমূহ যদি ফলপ্ৰসু কৰি তুলিব পৰা যায়, প্ৰকৃত হিতাধিকাৰিয়ে যদি পায় , তেন্তে গৰীবি বহু পৰিমাণে হ্ৰাস পাব। কিন্তু তাতেও দালাৰাজ চলে ফলত আৰম্ভণিতেই নামৰ লিষ্ট সমূহত খেলি – মেলি কৰে।

সকলো বিলাক কামতে আজি দালালৰাজ, আৰু এই দালালবিলাকৰ জন্ম দিয়ে পুঁজিপতি সকলে। সেয়ে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ মানুহ লৈ বহু আঁচনি গৈয়ে নাপায় আৰু অজ্ঞাত তেওঁলোক।

এখন দেশতে এজনে কেইবামহলীয়া অট্টালিকাত শুইছে আৰু এজনে ৰদ- বৰষুণত ৰাস্তাৰ দাঁতিত শুইচে, এমুঠি অন্যৰ বাবে হাহাকাৰ কৰি আছে।

ইয়াই নেকি সমাজবাদী ৰাষ্ট্ৰৰ ছবি?

“গৰীবী হাটাও” তেতিয়া সফল হব , যেতিয়া দুখীয়া – দৰিদ্ৰ , কৃষক আৰু নিম্ন মজুৰি পোৱা ব্যক্তি সকলৰ যি আঁচনি সমূহ আছে সেই আঁচনি সমূহৰ সু- ব্যৱহাৰ হব, যত দালালৰ প্ৰশ্ৰয় নাথাকিব , যত বিভাগীয় সু- দৃষ্টি থাকিব, প্ৰকৃত হিতাধিকাৰীয়ে হে মাথোঁ এই আঁচনিসমূহৰ অন্তৰ্ভুক্ত হব।

তেতিয়াহে সংবিধানৰ প্ৰস্তাৱনাত সংযোজন কৰা ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ বুলি কোৱা কথাষাৰ কিছু পৰিমাণে ফলিয়াব।


Rehena Parveen

Leave a Reply