You are currently viewing ভাৰতৰ মহানতা
ভাৰতৰ মহানতা

ভাৰতৰ মহানতা

ভাৰতৰ মহানতা

সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ ৰাষ্ট্ৰ ভাৰতৰ সভ্যতা, সংস্কৃতি হৈছে ভাৰতীয়ৰ জীৱন ধাৰন ব্যৱস্থা। ভাৰতবৰ্ষৰ ধৰ্ম, ভাষা, সাহিত্য, সংস্কৃতি, কলা-কৃষ্টি, স্হাপত্য, নৃত্য, সংগীত, সাজ-পাৰ তথা খাদ্যভাস আদি ঠাই বিশেষে ভিন্ন ভিন্ন ৰূপত দেখা পোৱা যায়। অধিকাংশ ভাৰতীয়ৰেই সংস্কৃতিত বিভিন্নতা থাকিলেও সমগ্ৰ ভাৰত উপমহাদেশজুৰি প্ৰসাৰিত এই সংস্কৃতিক সমন্বয়ৰ সহস্ৰাধিক বছৰীয়া পুৰণি ইতিহাসৰ দ্বাৰা প্ৰভাৱিত কৰিছে।

ভাৰত

বৈচিত্ৰৰ মাজত ঐক্য থকা ভাৰতবৰ্ষৰ ধৰ্ম, দৰ্শন আৰু খাদ্যাভাসৰ দৰে বাৰেৰহণীয়া সভ্যতা, সংস্কৃতিৰ ভিন্ন উপাদানে সমগ্ৰ বিশ্বক সদায়ে আকৰ্ষিত কৰি আহিছে। বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰখনত বিভিন্ন জাতি, ধর্ম আৰু ভাষাভাষীৰ লোকে আবহমান কালৰে পৰা একেলগে সমিলমিলৰে বসবাস কৰি আহিছে। সৰ্ব ধৰ্ম সমন্বয়ৰ এই দেশত কোনোদিন, কোনোকালেই ধৰ্ম, ভাষাক লৈ কোনো বিবাদ-বিপত্তি হোৱাৰ নজিৰ নাই। আৰু কাৰো অধিকাৰত কোনেও হস্তক্ষেপ কৰাও নাছিল। সকলো ধৰ্মাৱলম্বীৰ লোকেই বিপদ-আপদৰ সময়ত পৰস্পৰে পৰস্পৰৰ কাষত ঠিয় দি আহিছে। এক ধৰ্মৰ মানুহে আন ধৰ্মৰ মানুহক ধৰ্মশাস্ত্ৰ উপহাৰ দিয়াৰ সমান্তৰালকৈ ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানবোৰতো যথাসম্ভব সহায়-সহযোগীতা আগবঢ়াই সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাৰ্তা বিলোৱাৰ অনেক দৃষ্টান্ত আছে এইখন ৰাম-ৰবিমৰ দেশত। উদাহৰণ হিচাপে উল্লেখ কৰিব পাৰি, যেতিয়া জাগীৰোড’ স্হিত পৰ্বত নগৰ ‘মাহফুজুল ক্বেৰআন’ নামৰ হাফিজিয়া মাদ্ৰাছাৰ বাৰ্ষিক ধৰ্মীয় সভা অনুষ্ঠিত কৰা হয়, তেতিয়া সনাতন ধৰ্মাৱলম্বী লোকসকলে আন্তৰিকতাৰ সহিতে টকা-পইচাকে ধৰি সকলোধৰণৰ সহায়, সাহায্য আৰু সহযোগীতা আগবঢ়াই ভাতৃত্ববোধৰ এক অনন্য নিদৰ্শন দাঙি ধৰি আহিছে, কেৱল ইমানেই নহয় শ্ৰমদান পৰ্যন্ত কৰাৰো দৃষ্টান্ত আছে। আছলতে ইয়াই হৈছে আমাৰ সুজলা সুফলা শস্য শ্যামলা প্ৰাণপ্ৰিয় ভাৰতবৰ্ষ। আমেৰিকা, চীন আৰু পাকিস্তানৰ দৰে ৰাষ্ট্ৰই অপবাদ দিয়াৰ দৰে ভাৰতবৰ্ষখন কদাপি অসহিষ্ণু ৰাষ্ট্ৰ নাছিল, এতিয়াও নহয় আৰু ভৱিষ্যতেও নহব। এই কাৰণেই’তো কোৱা হয়,- Sare Jahan Se Accha Hindostan Hamara. Hum Bulbulain Hai Iss Ki Yeh Gulsitan Hamara. হয়, এটা কথা ঠিক যে, বিভিন্ন সময়ত এই Gulsitan সাদৃশ্য ভাৰতবৰ্ষত দুই-এটা সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈছিল, হৈছে বা সাম্প্ৰতিক সময়তো দেশখনৰ একাংশ স্বাৰ্থপৰ ব্যক্তি, কিছু তথাকথিত সাম্প্ৰদায়িক দল-সংগঠন তথা এচাম ধুৰন্ধৰ ৰাজনীতিবিদে সময়ে সময়ে উচটনিমূলক, বিতৰ্কিত, আপত্তিজনক, বিদ্বেষপূৰ্ণ আক্ৰমণাত্মক মন্তব্যৰ দ্বাৰা দেশৰ শান্তিপূৰ্ণ সম্প্ৰীতিৰ পৰিবেশ কলুষিত কৰিব বিচাৰিছে, যিটো কোনো উদাৰতাবাদী, ধর্ম নিৰপেক্ষ ভাৰতীয়ই সমৰ্থন নকৰে। আৰু শত কোটিৰো অধিক জনসংখ্যাৰ দেশত এয়া তেনেই স্বাভাৱিক। অৱশ্যে যেতিয়াই দেশৰ আইনশৃঙ্খলা পৰিস্থিতি উদ্ভৱ হৈছে তেতিয়াই দেশৰ কাৰ্যপালিকা আৰু ন্যায়পালিকাই নিৰপেক্ষ তথা বৈষম্যহীনভাৱে তাক মষিমুৰ কৰিবলৈ কেতিয়াও কৃপনালি কৰা নাই। এয়াই হৈছে ভাৰতৰ মহানতা।

also read বৰপেটাৰ উপায়ুক্তৰ মহানুভৱতা

Leave a Reply