মনৰ কথা

মনৰ কথা
কোনোবাই ক’ব নেকি যে, Oneplus, I phone আৰু অন্য সাধাৰণ মবাইলৰ মাজত পাৰ্থক্য কি? ধনাঢ্য ব্যক্তিসকলে উপৰোক্ত দুই ব্ৰেণ্ডৰ মবাইল ব্যৱহাৰ কৰে আৰু আমাৰ দৰে সাধাৰণ মানুহে সচৰাচৰ ব্যৱহৃত মবাইলবোৰহে ব্যৱহাৰ কৰে।

পিছে Oneplus, I phone আৰু আনবোৰ মবাইলৰ মাজত পাৰ্থক্যটো কি কোনোবাই জনাব নেকি? ধনী মানুহবোৰে যেতিয়া নামী-দামী মবাইলসমূহ ব্যৱহাৰ কৰা দেখা যায় তেতিয়া আমাৰ দৰে দুখীয়া-নিচলা মানুহৰ মনবোৰ সেমেকি উঠে। অৰ্থৰ অভাৱত এটা ভাল মবাইল কিনিব নোৱাৰা সকলৰ বাবে জানোঁ ইমান দামী মবাইলৰ সপোন দেখা সম্ভৱ? তাৰ পাছতো ৯-১০ হাজাৰ টকাৰ কমদামী মবাইলেৰে সমাজ সংস্কাৰৰ দ্বায়িত্ব মোৰ পাতি লৈছোঁ আমি। সৰ্ব ধৰ্ম সমন্বয়ৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ অখণ্ডতা, একতা, শান্তি আৰু প্ৰগতিৰ হকে এখন মোবাইলেৰেই অবিৰাম গতিত চলাই গৈছোঁ লিখা-মেলা। যুগ যুগ ধৰি সমিলমিলৰে বসবাস কৰি অহা বিভিন্ন জাতি, জনগোষ্ঠী তথা ধৰ্মাৱলম্বী লোকৰ মাজত সম্প্ৰতি গা কৰি উঠা অবিশ্বাস, ঘৃণা, বিদ্বেষ আৰু সকলো ধৰণৰ বৈষম্য দূৰ কৰি সাম্প্ৰদায়িক সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰিবলৈ এইখন হেং মাৰা মবাইলেৰেই নিৰবচ্ছিন্ন প্ৰয়াস অব্যাহত ৰাখিছোঁ। নাজানো কিমানদূৰ সফলতা আজুৰি আনিবলৈ সক্ষম হ’ম? তথাপি চেষ্টা জাৰি ৰাখিছোঁ। আমি বিশ্বাস কৰোঁ যে, আধ্যাত্মিকতা, নৈতিকতা, গুণগত শিক্ষা, গবেষণা আৰু একতাই আমাৰ দেশখনক বিশ্বগুৰুৰ আসনত বোৱাবলৈ সক্ষম হ’ব। ধৰ্ম, জাত-পাতৰ চক্ৰবেহুত সুমাই পৰিলে আমাৰ এইখন সুজলা সুফলা শস্য শ্যামলা দেশখন কদাপি উন্নতিৰ শিখৰত আৰোহণ কৰিব নোৱাৰে। সেয়ে দেশবাসীক ধৰ্ম, জাত-পাতৰ নিচাসক্তৰ পৰা মুক্ত কৰাটোহে আমাৰ উদ্দেশ্য। আৰু এই সৰু মবাইলেৰেই সেই উদ্দেশ্য পূৰাবলৈ পণ লৈছোঁ। মা, গুৰুজন আৰু পৰমাত্মা পৰমেশ্বৰ মহান আল্লাহৰ আশীষ সন্মুখত ৰাখি এই যাত্ৰাৰ পাতনি মেলিছিলোঁ। বিশেষকৈ একাংশ মিঞা মুছলমানক কুপ্ৰথা, অন্ধবিশ্বাস, গোড়ামি আৰু অপৰাধ জগতৰ পৰা উদ্ধাৰ কৰি এখন সুন্দৰ, আধুনিক আৰু সাৰ্বজনীন সমাজত প্ৰতিষ্ঠিত কৰাৰ লগতে তেওঁলোকৰ শিক্ষা, স্বাস্থ্য আৰু পৰিস্কাৰ-পৰিচন্নতাৰ ওপৰত জোৰ দি আহিছোঁ। তেখেত সকলৰ মাজত প্ৰচলিত বাল্যবিবাহ, বহু বিবাহ, বহু সন্তান জন্ম দিয়া, সাধাৰণ কথাতে তালাক দিয়া ইত্যাদি প্ৰসংগত মোৰ এই অবিৰত লিখা-মেলা ধাৰাবাহিকভাৱে চলি থাকিব ইনশাল্লাহ। পিছে দেশ তথা দহৰ সাৰ্থত যদি মোৰ এইখন অকেজো মবাইল দি এনে মহান কাম কৰি যাব পাৰিছোঁ, তেন্তে Oneplus বা I phone ব্যবহাৰকাৰী সকলে কিয় নোৱাৰে বা ঘৃণাৰ বিষবাস্প বিয়পায়? যিকি নহওঁক পুনৰাই সদাশয় ব্যক্তি সকললৈ মোৰ আকৌ আহ্বান, উপৰুক্ত দুই ব্ৰেণ্ডৰ মবাইল ফোন আৰু সচৰাচৰ ব্যৱহাৰ হৈ থকা মবাইলৰ মাজত পাৰ্থক্যটো কি?

Leave a Reply