যুৱ-প্ৰজন্মক কি দি থৈ যাব আপোনালোকে?

যুৱ-যুৱ-প্ৰজন্মক-কি-দি-থৈ-যাব-আপোনালোকে? আচলতে যুৱ-প্ৰজন্মক কি দি থৈ যাব আপোনালোকে? যুৱ-প্ৰজন্মৰ তেজ গৰম, সিদ্ধান্তবোৰ কম সময়ত লোৱা , ধৈৰ্য বুলিবলৈ একো নাই, ধাউতি বহুত বেছি। অনুসৰণ কৰা মানুহবোৰৰ বাবে সকলো কৰিব পৰা অৱস্থাত থাকে।
কিন্তু এবাৰ ভাৱি চাইছেনে বাৰু আপোনালোকে ? বিশেষ কৈ ৰাজনৈতিক নেতাবোৰক কৈছোঁ । কি শিকাই আছে যুৱ-প্ৰজন্মক? আৰু কি কৰি গৈ আছে যুৱ-প্ৰজন্মৰ বাবে?
ৰাজনীতিত প্ৰৱেশৰ বাবে যুৱ-প্ৰজন্মই দিন – ৰাতি কষ্ট কৰে, সদায় আপোনালোকক খুচি কৰিবলৈ প্ৰস্তুত হৈ থাকে। সকলোৰে নিজৰ নিজৰ আদৰ্শ লৈ ৰাজনীতিত প্ৰৱেশ কৰে। মই দেশৰ কাৰণে এইখিনি কৰিম, নিজৰ গাওঁ, চহৰৰ উন্নতি আৰু বহুতো। তেজ গৰম, অন্যায় সহ্য কৰিব নোৱাৰা বিধৰ। কিন্তু ৰাজনীতিত প্ৰৱেশ কৰিলে কি হয় যুৱ প্ৰজন্মৰ তেজত? কেৱল নিজৰ ওপৰত থকা মানুহবোৰক সুখী কৰিবলৈ লাগি যোৱা হয়। যোগ্যতাৰ যুদ্ধত তেল সানিব পৰা মানুহৰ জয়।
ন্যায়, অন্যায়, সততা, ৰাজনীতিত সততা বুলিবলৈ একো নাই এতিয়া। যিয়েই হওঁক ৰাইজৰ ভোটৰ দ্বাৰা নিৰ্বাচিত হোৱা মানুহবোৰে ৰাইজক পাহৰি নিজৰ অট্টালিকা সজোৱাত ব্যস্ত হৈ পৰে। নিজৰ লৰা – ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ কিমানৰ লৰা – ছোৱালীৰ জীৱন নষ্ট কৰে।
সেয়েই ভাৱো কিয় ইমান পইছা খৰচ কৰি নিৰ্বাচন খেলে? পইচা খৰচ কৰি তাত লাভৰ অংক নাথাকিলে নিৰ্বাচন খেলিব জানো? আৰু এক অতি বিষাক্ত বস্তু “ক্ষমতা” যাৰ বাবে পৃথিৱীত মানুহে যি কোনো কাম কৰিবলৈ প্ৰস্তুত থাকে।
এই ক্ষমতা যাৰ মূৰত ধৰে সেইজন মানু্হ ক্ষমতাহীন হলে একেবাৰে পাগল হৈ পৰে।
যুৱ-প্ৰজন্ম নিৰ্বাচনৰ সময়ত মূল শক্তি হৈ পৰে। নিজৰ পছন্দৰ প্ৰাৰ্থী বা দলৰ প্ৰাৰ্থীক নিৰ্বাচনত জিকাবলৈ সকলো প্ৰকাৰৰ শক্তি প্ৰয়োগ কৰে।
যুৱ-প্ৰজন্ম নেতাবোৰৰ অন্ধ ভক্ত হৈ পৰে মানে নাম পায়। কিন্তু এতিয়াৰ কিমান নেতাই চিন্তা কৰে সিহঁতৰ ভৱিষ্যত লৈ? এম এল এ এজনে বয়স বাঢ়ি যোৱাৰ পাছতো নিজৰ ঠাই কোনো নিজৰ অন্ধ ভক্তক দিব নিবিচাৰে। পাৰিলে পৰিয়ালৰ অযোগ্য মানুহ এজনকে দিব বিচাৰে। তেন্তে এই অন্ধ ভক্ত নাম পোৱা মানুহবোৰৰ ঠাই এইখিনিতে সীমাবদ্ধ হৈ থাকিব নেকি ?
অন্য লিখা পঢ়িবলৈ তলৰ লিংকত ক্লিক কৰক
যুৱ-প্ৰজন্মই অনুসৰণ কৰা মানুহবোৰে কি শিকাই আছে নিজৰ অনুসৰণকাৰীক সেয়া চচিয়েল মিডিয়াত গলেই ভালদৰে বুজিব পাৰি।
অসংযত গালি – গালাজ, কথাৰে আক্ৰমণ – প্ৰত্যাক্ৰমণ, তুমুল যুদ্ধ কিন্তু যৰ পৰা কেৱলমাত্ৰ হিংসা – বিদ্বেষ, ভাতৃত্তবোধ নষ্ট হৈ আছে। জাতিগত কাজিয়া, যত নিজৰ মাজতে কাজিয়াৰ সূত্ৰপাত কৰি কেৱমাত্ৰ ব্যক্তি লাভৰ বাবে এইবোৰত উলজাই ৰাখিছে।
তেনেকৈয়ে বৰ্বাদ হৈ আছে ৰাজনীতিৰ বাটেৰে আগুৱাই যোৱা আৰু ৰাজনীতিক লৈ সপোন চোৱা যুৱ সমাজ। ৰাজনীতিৰ নামত শিকি আছে হিংসা – বিদ্বেষ, গুৰুৰ ভুল নাথাকে বুলি মানি লৈ ৰিমোৰ্ট কণ্ট্ৰলত চলি আছে আজিৰ ৰাজনীতিৰ পথাৰৰ যুৱ – সমাজে।
ভিন্ন দল সমূহে নিজৰ মাজতে জন্ম দি আছে বিদ্বেষ মনোভাৱৰ আৰু যাৰ বলি হৈ আছে যুৱ সমাজ। এইবোৰ শিকাই দেশৰ ভৱিষ্যত মঙ্গল কামনা কেনেকৈ কৰিব পৰা যাব?
যেতিয়া যোগ্যতাৰ ওপৰত ভিত্তি কৰি দেশৰ যুৱ – সমাজক ৰাজনীতিৰ পথাৰত প্ৰত্যক্ষ ভাৱে নামিবলৈ সুযোগ দিয়া যাব , যেতিয়া বুঢ়াবিলাকে নিজৰ লোভ অলপ সামৰি কেৱল কিঞ্চিত পৰিমাণে সমূহীয়া বা দেশৰ হিতে ভাবিৱলৈ লব তেতিয়া পৰিৱৰ্তন নিশ্চয়কৈ হব।
এটা গুৰুত্বপূৰ্ণ কথা যে চচিয়েল মিডিয়াত যি কথাৰ ঘৃণনীয় যুদ্ধ চলে সেইবোৰ বন্ধ কৰিবলৈ ওপৰত থকা নেতাবোৰে কিয় নকয় দলীয় মানুহক বা নিজৰ অনুসৰনকাৰী সকলক?
ইয়াৰ স্পষ্ট কাৰণ হৈছে, কবলৈ একো নাই, কৰিবলৈও একো নাই। প্ৰত্যেকে নিজৰ আৰু দলৰ ব্যৰ্থতা লুকাবলৈ লাগি যায় নিজৰ মাজত কাজিয়া কৰিবলৈ। তেতিয়া হে ব্যৰ্থতাৰ কাহিনীবোৰ তল পেলাব পৰা যাব।
অৱশেষত এটা অনুৰোধ জনাও , এটা সুস্থ ৰাজনীতি মহল বনাওক, যত যুৱ – সমাজক এখন সুন্দৰ জীৱন আৰু সুস্থ ৰাজনৈতিক পথাৰ উপহাৰ দিব পাৰিব। যত কথাৰ নহয় কামৰ ৰাজনীতি হব, যত জাতি- ধৰ্ম- বৰ্ণই একো কৰিব নোৱাৰিব, যত যুৱ- সমাজে ৰাজনীতিত প্ৰৱেশ কৰিবলৈ মন মেলাত সপোন দেখিছিল সেয়া বাস্তৱ ৰূপ দিব পাৰিব, যত ব্যক্তি স্বাৰ্থ নহয় সমূহীয়া স্বাৰ্থত কাম হব, যত সাধাৰণ জনতাই দুবেলা – দুমুঠি খাই, লৰা- ছোৱালীক উচ্চ শিক্ষাৰে শিক্ষিত কৰিব পৰিব। অন্যায়ৰ বিৰুদ্ধে মাত মাতি অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ শিকাওক।
তেতিয়াহে হব আচল অৰ্থত পৰিৱৰ্তন।
লেতেৰা ৰাজনীতি, কথাৰ ৰাজনীতি এইবোৰ নিশিকাব যুৱ – প্ৰজন্মক, ঘৃণা কৰা নিশিকাব। যদি এনেকুৱাই হয় তেতিয়া আপোনাৰ সন্তানেও কিন্তু প্ৰশ্ন কৰিব আপোনাক, পইচা- অট্টালিকাৰ বাহিৰে কি দি থৈ গৈছে আমাক?
Leave a Reply