You are currently viewing শ্ববে কদৰ বা ভাগ্যৰ ৰাতি
শ্ববে কদৰ বা ভাগ্যৰ ৰাতি

শ্ববে কদৰ বা ভাগ্যৰ ৰাতি

শ্ববে কদৰ বা ভাগ্যৰ ৰাতি


ৰমজান মাহৰ এটি গুৰুত্বপূৰ্ণ আৰু অতিকৈ সন্মানিত ৰজনী হৈছে শ্ববে কদৰ। প্ৰকৃততে শ্ববে কদৰ শব্দটো হৈ ফাৰ্ছী। শ্ববে মানে ৰাতি আৰু কদৰ মানে সন্মান, মর্যাদা, গুণাগুণ, সম্ভাৱনা, ভাগ্য ইত্যাদি। অৰ্থাৎ শ্ববে কদৰ হৈছে মৰ্যাদা বা ভাগ্যৰ নিশা। শ্ববে কদৰক আৰবীত লাইলাতুল কদৰ অৰ্থাৎ সম্মানিত ৰাতি বুলি কোৱা হয়। যি ৰাতিত পৱিত্ৰ ক্বোৰআন শ্বৰিফ নাজিল বা অৱতীৰ্ণ হৈছিল, সেই ৰাতিকেই লাইলাতুল কদৰ বুলি কোৱা হয়। এই সন্দৰ্ভত মহান আল্লাহে ক্বোৰআন শ্বৰিফত কৈছেঃ ‘নিশ্চয়ই মই (আল্লাহে) ক্বোৰআন অৱতীৰ্ণ কৰিছোঁ মর্যাদাপূর্ণ কদৰ ৰজনীত। আপুনি কি জানে নকি, মহিমাময় কদৰ ৰজনী কি? মহিমান্বিত কদৰ ৰজনী হৈছে মাহৰ তুলনাত হেজাৰ গুণে উত্তম। সেই নিশা ফেৰেচতা সকল অৰ্থাৎ (সৰগীয় দূত) সমন্বিত আল্লাহৰ প্ৰতিনিধি হজৰত জিবৰাইল (আঃ) সমভিব্যাহাৰে অবতৰণ কৰে; তেওঁলোকৰ প্রভু আল্লাহৰ নির্দেশ তথা অনুমতিক্রমে, সকলো বিষয়ত শান্তিৰ বার্তালৈ। আৰু এই শান্তিৰ ধাৰা চলি থাকিব প্ৰাতঃকাল লৈকে।

শ্ববে কদৰ বা ভাগ্যৰ ৰাতি

উল্লেখ্য যে, ভাৰতীয় উপমহাদেশ, পাকস্যসহ পৃথিবীৰ বহু দেশৰ ফাৰ্ছী, উর্দু, বাংলা, হিন্দিকে ধৰি বিভিন্ন ভাষাভাষী মানুহৰ ওচৰত এইটো ‘শ্ববে কদৰ’ নামেৰেই অধিক পৰিচিত।

ৰমজান মাহ হৈছে পৱিত্ৰ ক্বোৰআন শ্বৰিফ নাজিলৰ মাহ। আৰু শ্ববে কদৰ হৈছে ক্বোৰআন অৱতীৰ্ণ হোৱাৰ ৰজনী। এই নিশাতেই প্রথম মক্কা শ্বৰিফৰ হেৰা পর্বতৰ গুহাত আল্লাহৰ পক্ষৰ পৰা ফেৰেচতা সকলৰ প্ৰধান হজৰত জিবৰাইল (আঃ)ৰ জৰিয়তে মহাপুৰুষ হজৰত মহম্মদ (ছঃ)ৰ প্ৰতি ইছলাম ধৰ্মী গ্রন্থ পৱিত্ৰ ক্বোৰআন অৱতীৰ্ণ হয়। আল্লাহ তা’আলাই কৈছেঃ ‘ৰমজান মাহ, যি মাহত ক্বোৰআন অৱতীৰ্ণ হৈছে, মানৱ জাতিৰ দিগ্দর্শক আৰু শান্তি তথা মুক্তিৰ পথপ্রদর্শনৰ সুস্পষ্ট নিদর্শন স্বৰূপ।’

ইছলাম ধৰ্মত পৱিত্ৰ ক্বোৰআন শ্বৰিফ হৈছে সর্বশেষ আৰু সর্বশ্রেষ্ঠ ঐশ্বৰিক গ্ৰন্থ। এই গ্ৰন্থ স্পর্শ কৰাটো মুছলমানৰ বাবে এটা সৌভাগ্যৰ বিষয়। সৰগীয় দূত হজৰত জিবৰাইল (আঃ) এই ক্বোৰআন শ্বৰিফ বহন কৰিয়েই ফেৰেচতা সকলৰ দলপতি হোৱাৰ গৌৰৱ লাভ কৰিছে।

তদুপৰি পৱিত্ৰ ক্বোৰআনৰ সংস্পর্শত এটা সাধাৰণ ৰাতিও ‘লাইলাতুল কদৰ’ বা ‘শ্ববে কদৰ’ ৰজনীৰ সম্মানেৰে বিভূষিত হৈছে। আচলতে পৱিত্ৰ ক্বোৰআনৰ লগত যাৰ যিমান আন্তৰিক সম্পর্ক তথা সংস্পর্শ থাকিব, তেওঁ সিমানেই সম্মানিত আৰু মর্যাদাৰ অধিকাৰী হ’ব।

প্ৰণিধানযোগ্য যে, শ্ববে কদৰ ৰমজান মাহৰ ভিতৰতেই নিহিত হৈ আছে। এই সন্দৰ্ভত ইছলাম ধৰ্মৰ প্ৰচাৰক হজৰত মহম্মদ (ছঃ)য়ে কৈছেঃ ‘তোমালোকে ৰমজানৰ শেষৰ দহদিনৰ অসংলগ্ন ৰাতিবোৰত শ্ববে কদৰৰ সন্ধান কৰা। আৰু ৰমজানৰ শেষৰ দহদিনৰ অযুগ্ম ৰাতিবোৰ হৈছে যেনে,— ২১, ২৩, ২৫, ২৭ আৰু ২৯। এইখিনিতে মনত ৰাখিব লগীয়া কথাটো হৈছে যে, আৰবিত কিন্তু দিনৰ আগতে ৰাতি গণনা কৰা হয়।

প্ৰসংগত উল্লেখ্য যে, এতেকাফৰ অন্যতম উদ্দেশ্যই হৈছে শ্ববে কদৰ প্রাপ্তি; ৰমজানৰ শেষৰ দহদিন এতেকাফ কৰিলে শ্ববে কদৰ প্রাপ্তি প্রায় নিশ্চিত। কোৱা বাহুল্য যে, এতেকাফৰ মূল কথাই হৈছেঃ লোভ, মোহ, কাম, ক্ৰোধ, মদ, মাৎসর্য আদি সকলো বিসৰ্জ্জন দি পৰম কৰুণাময় আল্লাহৰ সান্নিধ্যত সন্নিহিত হোৱা। পয়গম্বৰ হজৰত মহম্মদ (ছঃ) কৈছেঃ যিয়ে বিশ্বাস-ভক্তি আৰু পূণ্যৰ আশাত শ্ববে কদৰৰ নিশা উজাগৰে থাকি নেদেখাজনৰ ইবাদত-উপাসনা
কৰিব, তেওঁৰ অতীতৰ পাপসমূহ ক্ষমা কৰি দিয়া হ’ব।

—জুলহাছ আলী আহমেদ

Leave a Reply