You are currently viewing সংগীতৰ সম্ৰাজ্ঞী ভাৰতৰত্ন লতা মংগেশকাৰৰ দেহৱসান

সংগীতৰ সম্ৰাজ্ঞী ভাৰতৰত্ন লতা মংগেশকাৰৰ দেহৱসান

সংগীতৰ সম্ৰাজ্ঞী ভাৰতৰত্ন লতা মংগেশকাৰৰ দেহৱসান ।

সংগীতৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ দেহৱসান। ভাৰতৰত্ন লতা মংগেশকাৰৰ মহাপ্ৰয়াণে ভাৰতীয় সাংস্কৃতিক জগতখনত এক শূণ্যতা সৃষ্টি কৰি গ’ল। এটা বৰ্ণিল যুগৰ পৰিসমাপ্তি ঘটাই ভাৰতৰ কিংবদন্তি গায়িকা পঞ্চভূতত বিলীন হৈ গ’ল বিশ্ববৰেণ্য কণ্ঠশিল্পী লতা মংগেশকাৰ। কুকিল কণ্ঠৰে বিশ্ববাসীক মুগ্ধ কৰা লতাজীয়ে ওৰেটো জীৱন মানুহৰ বুকুত গানেৰে প্ৰাণৰ সঞ্চাৰ কৰি অৱশেষত চিৰ বিদায় ললে।

ভাৰতৰ নাইটিংগেল খ্যাত লতা মংগেশকাৰে দেশৰ সংগীত ক্ষেত্ৰখনলৈ আগবঢ়োৱা অভূতপূৰ্ব অৱদানৰ বাবে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান “ভাৰত ৰত্নৰ লগতে পদ্মবিভূষণ, পদ্মভূষণ আৰু ছবি জগতৰ সৰ্বোচ্চ ভাৰতী্য় সন্মান ‘দাদা চাহেব ফাল্কে” বঁটাৰে বিভূষিত কৰা হয়। হিন্দী ভাষাৰ লগতে দেশৰ প্ৰায়বোৰ ভাষাতে তেওঁ নিজৰ জাদুকৰী কন্ঠ দান কৰি গৈছে। ১৯৫৬ চনত অসম সন্তান সৰগীয় ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত “এৰাবাটৰ সুৰ” ছবিখনত “জোনাকৰে ৰাতি” শীৰ্ষক গীতটিত কন্ঠ দান কৰি তেওঁ অসমবাসীৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছিল।

সংগীতৰ সুবিশাল সেউজীয়া পথাৰখনত সৰ্বস্তৰৰ মানুহৰ মলিন হৃদয় পখালি নিৰ্মল কৰা দেশৰ জনপ্ৰিয় গায়িকা লতাজীৰ বিয়োগে সম্প্ৰতি সংগীত জগতখনলৈ নমাই আনিলে ঘোৰ অমানিশা।

বিশ্বৰ কোটি কোটি জনগণক নিজৰ জাদুকৰী কণ্ঠেৰে মনোমুগ্ধ কৰা লতা মংগেশকাৰৰ বিয়োগ এটি পূৰাব নোৱাৰা ক্ষতি। জীৱন্ত কিংবদন্তি তথা দেশৰ সংগীত ক্ষেত্ৰখনৰ অন্যতম প্ৰাণস্বৰূপ লতাজীয়ে সুদীৰ্ঘ ৮ দশকজুৰি অসংখ্য গীতক নিজৰ যাদুকৰী কণ্ঠেৰে সজীৱ কৰি থৈ গ’ল।

দেশৰ সর্বজনপ্ৰিয় মধুৰ সুৰীয়া শিল্পী লতা মংগেশকাৰৰ পুণ্য আত্মাৰ চিৰশান্তি কামনাৰে ঈশ্বৰ-আল্লাহৰ ওচৰত দোৱা-প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতৰ অসংখ্য গুণমুগ্ধ তথা পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। দেশ তথা দহৰ হকে আগবঢ়াই যোৱা অনন্য অৱদানৰ বাবে লতাজী সদায় সম্ভ্ৰান্ত হৈ ৰ’ব।

জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)
মবাইলঃ ৯৭০৬৬-৬৬১৯২

Leave a Reply