You are currently viewing শিক্ষাই হৈছে সমাজ সংস্কাৰৰ মূল।

শিক্ষাই হৈছে সমাজ সংস্কাৰৰ মূল।

আমাৰ ভিতৰুৱা অঞ্চলবোৰ সমস্যাৰে জৰ্জৰিত। বাট- পথৰ সমস্যা এতিয়াও আছে। সৱকা সাথ সবকা বিকাশ হোৱাও নাই। শিক্ষিতৰ হাৰ ও কম। কিন্তু আমাৰ এই ভিতৰুৱা অঞ্চলবোৰত এটা বস্তু বহুত আছে সেয়া হৈছে দল, সংগঠনত জঢ়িত ব্যক্তি, ৰাতিপুৱা আৰু আবেলি সময়ত সদায় সদায় চাহ দোকানত বহি চাহ আৰু বিড়িৰ সোৱাদ লোৱা ব্যক্তি। আমাৰ এই অঞ্চলবোৰত আছে ছোৱালীক শিক্ষাৰ ক্ষেত্ৰতে হওঁক বা বেলেগ ক্ষেত্ৰত প্ৰাধান্য নিদিয়া ব্যক্তি। এটা ঘৰত ছোৱালী অলপ ডাঙৰ হলে বেলেগ ঘৰৰ মানুহে আহি সেই পৰিয়ালৰ মানুহক উপদেশ দিব ছোৱালী ডাঙৰ হৈছে এতিয়া বিয়া দিবই লাগে। ছোৱালী পঢ়াই কি কৰিব ? বিয়া দিব লাগিবই। আমাৰ এই অঞ্চলবোৰত আছে মহিলা মানুহ বিলাকে একেলগ হৈ বেলেগৰ সমালোচনা কৰা, কোন কি পিন্ধিলে, কি কৰিলে , কাৰ ছোৱালী কেনেকুৱা, কাৰ লৰাই কি কৰিলে এইবোৰ কথা। কিন্তু যেতিয়া নিজৰ ঘৰৰ লৰা – ছোৱালীৰ লিখা পঢ়াৰ কথা আহে তেতিয়া সময় নোহোৱা হৈ যায়।

সমাজ সংস্কাৰৰ মূল

শিক্ষা হৈছে এইবোৰ সকলো সমস্যাৰ সমাধান। উচ্চ শিক্ষিত ব্যক্তিয়ে সমাজ সংস্কাৰ কৰিব পাৰে। আমাৰ ভিতৰুৱা গাঁওবোৰৰ মানুহৰ এটাই সমস্যা নিজক, নিজৰ সন্তানক সময় কম দিয়া। গাওঁত প্ৰচলিত আৰু এটা বিষয় এইটো যে সমাজত থকা কিছু দেৱানী- মাতাব্বৰৰ দ্বাৰা নিজৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি কিবা এটা ঘটনাৰ বিচাৰ কৰা। নিজৰ ঘৰৰ সমস্যা ঘৰত সমাধান নকৰি যেতিয়া সমাজৰ দেৱানীৰ ঘৰ পায় তেতিয়াই লেঠা লাগে। সমাজৰ হিতৰ বাবে তেওঁলোকে কাম কৰিলে ভাল, কিন্তু বেছি সময়তে ইয়াৰ দ্বাৰা মানুহৰ সমস্যাবোৰ ডাঙৰ হোৱা দেখা যায়।

Also Read: জীৱনৰ আন এক নাম “সমস্যা”

শিক্ষাই হে পাৰে মানুহৰ চিন্তাধাৰা উন্নত কৰিবলৈ। যিকোনো সমস্যা সমাধানৰ মূল আহিলা হৈছে শিক্ষা। যত শিক্ষাৰ অভাৱ আছে তাত সমাজ সংস্কাৰৰ কোনো কথাই নাহে। সেয়ে সমাজৰ শিক্ষিত মানুহৰ নিজৰ সমাজৰ প্ৰতি দায়বদ্ধতা থাকে যাতে সমাজৰ হিতৰ স্বাৰ্থত মানুহক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰে। শিক্ষাৰ পোহৰ নপৰিলে সমাজ কেতিয়াও সোন্ধৰ্যময় নহয়। এতিয়াও আমাৰ সমাজবোৰত কিছুমান কু- প্ৰথা আছে সেইবিলাক গুচাবলৈ হলে আগতে সমাজত শিক্ষাৰ পোহৰ বিলাব লাগিব। সেইখিনি কষ্ট সমাজৰ শিক্ষিত মানু্হবোৰ লগ হৈ কৰিব লাগিব। এখন সুন্দৰ সমাজৰ আশা কৰিলে নিজৰ অলপ মূল্যবান সময় দি নিজৰ সমাজক সুন্দৰ বনাই লওক।

Leave a Reply