You are currently viewing সাম্প্ৰদায়িকতাৰ পুলিত সাৰ-পানী কোনে যোগান ধৰে ?

সাম্প্ৰদায়িকতাৰ পুলিত সাৰ-পানী কোনে যোগান ধৰে ?

ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। আৰু ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ৪২ নং সংশোধনী মতে সন্নিবিষ্ট কৰিছে । আৰু ইয়াৰ মতে ভাৰতত চৰকাৰী কোনো ধৰ্ম নাথাকিব। চৰকাৰৰ দৃষ্টিত সকলো ধৰ্ম সমান আৰু ধৰ্মৰ নামত কোনো বৈষম্য নাথাকিব। চৰকাৰে কোনো ধৰ্মৰ প্ৰতি বিশেষ অনুগ্ৰহ প্ৰদৰ্শন কৰিব নোৱাৰিব।

ভাৰতৰ ৰাজনীতি বৰ্তমান মাথোঁ এটা বিষয়ৰ ওপৰত চলি আছে সেয়া হৈছে সাম্প্ৰদায়ীকতা। হিন্দু আৰু মুছলমানৰ মাজত ভেদাভেদ সৃষ্টিৰ ৰাজনীতি।

এতিয়া চচিয়েত মিডিয়া বা যিকোনো মিডিয়াত ৰাজনীতিৰ বাতৰিত সাম্প্ৰদায়িক মন্তব্য নথকা কৈ কোনো বাতৰিয়েই নাই। কাৰণ এতিয়া ধৰ্মৰ নামত আবোল- তাবোল বকি থাকিলেহে জনপ্ৰিয়তা অৰ্জন কৰে , যিটো ভালেই হওঁক বা বেয়াই হওঁক।

সাম্প্ৰদায়িকতাৰ পুলি ৰোপন কৰা দেখা গৈছে কিছুমান নেতাক আৰু সাৰ- পানী কোনে যোগান ধৰিছে তেওঁৰ কিছুমান বিচাৰ কৰাৰ ক্ষমতা নথকা ভক্তসকল আৰু সাধাৰণ ৰাইজে।

ধৰ্ম নিৰপেক্ষতাৰ দেশত ধৰ্মক কেন্দ্ৰ কৰি হিংসা বিয়পালৈ কেনেকৈ পাৰে ? এনেকুৱা মন্তব্য কৰা মানুহৰ ওপৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব নালাগে নে ?

আমি ভাৰতীয় , ইয়াত আমি হিন্দু , মুচলমান , খ্ৰীষ্টান , জৈন, বৌদ্ধ হিচাপে পৰিচয়তো নিদিওঁ। আৰু আমাৰ পৰিচয়টো সেইটো নহয়। ভাৰতৰ মানুহ, আমি ভাৰতীয়।

নিৰ্বাচন সমাগত , অসমৰ ৰাজনীতিৰ অন্যতম বিষয় হিন্দু আৰু মুছলমান। আৱেগিক ভাৱে ভাষণ প্ৰদান কৰে কিছুমানে আৰু কিছুমানে এটা নিৰ্দিষ্ট ধৰ্মৰ মানুহৰ বিৰুদ্ধে ভাষণ দিয়ে।

কিছুমান নেতা নিজ স্বাৰ্থৰ বাবে হিন্দুক মুচলমানৰ বৈৰী কৰি তুলিছে আৰু মুচলমানক হিন্দুৰ। দেশৰ উন্নতিৰ হকে হে কাম কৰি যাব লাগে, ভাৰতত কোনো নিৰ্দিষ্ট জাতি নাই যে তাৰ হিতত মাথোঁ কাম কৰিব লাগিব । এনেকুৱা ভেদাভেদ কৰা মানুহবোৰে বহুত আগতেই আমাৰ পৰা আঁতৰ হৈছে।

আমি মানৱ জাতি , আমাৰ ধৰ্ম মানৱতা হোৱা প্ৰয়োজন। যিয়ে নিজৰ ধৰ্মক সন্মান কৰে তেওঁ কেতিয়াও বেলেগ ধৰ্মক হেওঁ কৰিব নোৱাৰে। কিছুমান মানুহে নিজ স্বাৰ্থৰ বাবে সাম্প্ৰদায়িকতাৰ বীজ ৰোপন কৰে আৰু মানুহ আৱেগিক হৈ সেই বীজত সাৰ- পানী যোগায়। ৰাজনৈতিক নেতাবোৰৰ বাবে এতিয়া মূল বিষয় বস্তু এই সাম্প্ৰদায়িকতা আৰু তেওঁলোকে আৱেগিক, কৰি মানুহৰ সমৰ্থন বুটলি লয়। আৰু এয়াই মানৱতাক দাহ কৰে। কিছুমান নেতাই সদায় ৰাইজক এইধৰণৰ মন্তব্যৰ দ্বাৰা বিপথে পৰিচালিত কৰি নিজৰ কাম সিদ্ধি কৰি লয় । ৰাইজে যেতিয়া ঐক্যবদ্ধ হৈ উন্নতি বিচাৰিব তেতিয়া সকলো বাধ্য হব আৰু ৰাইজৰ কাম , দেশৰ উন্নতি সাধন হব ।

সেয়ে এইধৰণৰ সাম্প্ৰদায়িকতাৰ বীজ ৰোপন কৰি ৰাইজক নিজৰ মাজত সাম্প্ৰদায়িক কন্দল লগাই নিজৰ মাজতে ব্যস্ত ৰাখে।

গণতন্ত্ৰত ৰাইজেই সর্বে- সর্বা, ৰাইজে বিচাৰিলে নিজৰ , নিজৰ দেশৰ উন্নতি সম্ভৱ। নিজৰ মাজতে বিভাজন হৈ , ধৰ্ম হিচাপে বিভাজন কৰি শান্তি – সম্প্ৰীতি অটুট ৰখা সম্ভৱ নহয়।

চৰকাৰে সকলো জাতি – জনগোষ্ঠীৰ হকে কাম কৰিছে, ঠিক তেনেদৰে আজমলও দুখীয়া মানুহক সহায় কৰা দেখা যায় , হিন্দু- মুচলমান নহয় যাৰ প্ৰয়োজন হৈছে তাক সহায় কৰি আছে । আমি এইটো নুই কৰিব নোৱাৰো।

তেন্তে চৰকাৰখন কি কেৱল হিন্দুৰ কাৰণে কাম কৰি আছে আৰু দাঢ়ি – টুপী থকা কাৰণে আজমলক কেৱল মাথোঁ মুচলমানৰ পক্ষ লোৱা বুলি কোৱা হৈছে? অসমৰ প্ৰভাৱশালী মানুহ এজনৰ মুখত পৰা দাড়ি – টুপী , মিঞা‌ৰ ভোট আমাক নালাগে বুলি কোৱা কথাষাৰ কিমান দুৰ যুক্তি সংগত?

ৰাইজে নিজ দেশখনৰ ভবিষ্যতৰ স্বাৰ্থত , সু- শৃংখল ভাৰতৰ স্বাৰ্থত সাম্প্ৰদায়িক মন্তব্য কৰা মানুহক বৰ্জন কৰা , যিকোনো ৰাজনৈতিক মেল- মিটিঙত ধৰ্মীয় মন্তব্য কৰিলে তেখেতসকলক প্ৰশ্ন কৰা দৰকাৰ সমাজৰ , দেশৰ কি কি উন্নয়ন কৰিলে সেইবোৰৰ হিচাপ দিয়ক।

যেতিয়া ৰাইজে ঐক্যবদ্ধ হৈ ধৰ্মীয় মেৰুকৰনৰ ৰাজনীতিক গুৰুত্ব নিদি উন্নয়নৰ ৰাজনীতিক গুৰুত্ব দিব তেতিয়া হে এই সাম্প্ৰদায়িকতাৰ ৰাজনীতিৰ অন্ত পৰিব।

সেয়ে ৰাইজে এতিয়া দেশৰ অস্তিত্ব, শান্তি – সম্প্ৰীতি, ভাতৃত্ববোধ অটুট ৰাখিবলৈ , উন্নতিৰ দিশত আগবাঢ়িবলৈ একেলগ হৈ সাম্প্ৰদায়িকতাৰ পুলিত সাৰ- পানী যোগান নধৰি, বীজবোৰেই উভালি পেলাব লাগে।


Rehena Parveen

Leave a Reply