২৪ নবেম্বৰ, লাচিত দিৱস

২৪ নবেম্বৰ, লাচিত দিৱস

অসমীয়া বীৰ লাচিত বৰফুকনে ঐতিহাসিক শৰাইঘাটৰ ৰণত মোগলৰ বিৰুদ্ধে বীৰ বিক্ৰমেৰে যুঁজি অসমখনক ৰক্ষা কৰাৰ স্মৃতিত প্ৰতিবছৰ ২৪ নৱেম্বৰৰ দিনটো কেন্দ্ৰীয়ভাৱে ‘লাচিত দিৱস’ হিচাপে পালন কৰা হয়।
১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখত জন্মগ্ৰহণ কৰা লাচিত বৰফুকনৰ দেউতাকৰ নাম হৈছে ম’মাই তামূলী, (তেখেত আছিল আহোমৰ লান-ফিমা বংশৰ) ম’মাই তামূলীৰ সপ্তম পুত্ৰ বীৰ লাচিত বৰফুকন প্ৰথমতে ৰজাঘৰীয়া ঘোঁৰা বৰুৱা পদত মকৰল আছিল। এই পদত থাকি তেওঁ অতি তীক্ষ্ণধী, সাহসী, দক্ষতা আৰু বিচক্ষণতাৰ পৰিচয় দাঙি ধৰিছিল। খুব কম সময়ৰ ভিতৰতে লাচিত বৰফুকনৰ এই দুৰ্দান্ত সাহসীকতাৰ কথা চাওফাৰ বনজুইৰ দৰে বিয়পি পৰিল। পৰবৰ্তী সময়ত আহোম ৰাজ্যৰ সেনাপতিৰ দায়িত্ব গ্ৰহণ কৰি তেওঁ নিপুণতাৰ সহিতে সেই গধুৰ দায়িত্বৰ কৰ্তব্য পালন কৰি গৈছিল। লাচিত বৰফুকনৰ নেতৃত্বত চলা ঐতিহাসিক শৰাইঘাট যুদ্ধৰ শেষৰফালে মোগল সেনাপতি ৰামসিংহৰ বিশাল যুদ্ধবাজ সৈন্যবাহিনীৰ সন্মুখত (সংখ্যাত তেনেই কম) আহোম সৈন্যই একপ্ৰকাৰ নিস্তেজ হৈ জঁয়ৰ আশা বাদ দি পিছহুঁহুকিবলৈ আৰম্ভ কৰিছিল। যুদ্ধৰ সেই কঠিন আৰু গুৰুত্বপূৰ্ণ সময়ত অতিপাত জ্বৰত ভুগি থকা লাচিত বৰফুকনে নৰিয়া গাৰে এখন নৌকাত উঠি আহি ‘শৰীৰত এক বিন্দু তেজ থকালৈকে শক্ৰ পক্ষৰ বিৰুদ্ধে অন্তিমক্ষণলৈকে যুঁজ দি যাব বুলি নিজৰ দৃঢ় স্হিতিৰ কথা ব্যক্ত কৰে আৰু অধীনস্থ আহোম সৈন্যবাহিনীৰ উদ্দেশ্যি এই বুলি উদাত্ত কণ্ঠৰে ভাষন দিয়ে যে, ‘হে অসমীয়া ৰণুৱাসকল, মই যুঁজিহে মৰিম, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোক সুখেৰে ঘৰলৈ যোৱা’। লাচিত বৰফুকনৰ এই আবেগবিহ্বল কথাখিনিয়ে যেন সৈন্যবাহিনীৰ হৃদয়ত ৰেখাপাত কৰিলে আৰু মনোবল বৃদ্ধি কৰিলে। সেনাপতি বীৰ লাচিত বৰফুকনৰ অন্যতম প্ৰধান সহযোগী বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকীৰ চতুৰ বুদ্ধিমত্তা, নিপুণ-নিখুঁত যুদ্ধ কৌশলী আৰু দুৰ্দান্ত সাহসীকতাক বিশ্বাসতলৈ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সৈন্যসকলে দ্বিগুণ উৎসাহ আৰু নতুন উদ্যমেৰে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি অৱশেষত বিজয় সাব্যস্ত কৰে। শৰাইঘাটৰ যুদ্ধৰ পৰিসমাপ্তিৰ পিছতেই অসমৰ বীৰপুৰুষ লাচিত বৰফুকনৰ মৃত্যু হয়। অসমৰ শৌৰ্য্য-বীৰ্য্য লাচিত বৰফুকনে ইছমাইল ছিদ্দিকীক বিশ্বস্ত সহযোগী হিচাপে লৈ শৰাইঘাটৰ যুদ্ধ জয় কৰা এইখন অসমত আজি কি হ’বলৈ ধৰিছে? ধৰ্ম, জাত-পাতৰ ঘৃননীয় ৰাজনীতিয়ে ছানি ধৰিছে শংকৰ-আজানৰ সম্প্ৰীতিৰ অসমখনক। যিখন অসমত কোচ ৰজা নৰনাৰায়ণে ইছলাম ধৰ্মী লোকক ৰজাঘৰীয়া দৰ্জী নিয়োগ কৰে, যিখন অসমত শংকৰদেৱেৰ দৰে জগতগুৰুৱে মুছলমানক শিষ্যত্ব প্ৰদান কৰে, আজি সেইখন সমন্বয়ৰ পূন্যভূমিত একাংশই হিংসা, ঘৃণাৰ তথা বিভেদৰ বিষবাস্প বিয়পাব বিচাৰিছে। সম্প্ৰীতিৰ এই সমাজখনত অবিশ্বাসৰ বাতাবৰণ সৃষ্টিৰে হিন্দু-মুছলমানৰ মাজত দুৰত্ব বৃদ্ধি কৰিব বিচাৰিছে। অসাম্প্রদায়িক মানুহক ধৰ্মীয় ভাৱে আবেগিক কৰি পৰস্পৰৰ মাজত থকা যাউতিযুগীয়া ভাতৃত্ববোধ বিনষ্ট কৰিবলৈ উঠি পৰি লাগিছে। যিসকলে সমাজত এনেকুৱা বিভেদৰ বীজ সিঁচিব বিচাৰি আছে, সিহঁতে ইতিহাসৰ পৰা শিক্ষা লোৱা উচিত। সাম্প্ৰদায়িক মতাদৰ্শৰ লোক সকলে এটা কথা জানি ৰখা ভাল হ’ব যে, একতা, প্ৰেম-ভালপোৱা, মিলাপ্ৰীতি, পাৰস্পৰিক বিশ্বাস, সদ্ভাৱ, সৌহাদ্যপূৰ্ণ সম্পৰ্কত যিমানখিনি সুখ, শান্তি, আনন্দ, অনুভূতি আৰু তৃপ্তি পোৱা যায়, সেয়া আন কতো পোৱা নাযায়। সেয়ে সমন্বয়ৰ প্ৰতীক লাচিত দিৱসৰ আজিৰ এই পৱিত্ৰ দিনটোতে সকলোৰে উচিত তেখেতৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ জাতি, ধৰ্ম নিৰ্বিশেষে প্ৰত্যেকেই ইৰ্ষা, শত্ৰুতা, ভেদাভেদ আদি পাহৰি সমাজৰ একতা, শান্তি আৰু প্ৰগতিৰ স্বাৰ্থত আহোপুৰুষাৰ্থ কৰা। এয়াই সাম্প্ৰতিক সময়ৰ আহ্বান, অন্যথা ইতিহাসে কাকো ক্ষমা নকৰিব।

জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)

Leave a Reply

Your email address will not be published. Required fields are marked *

*