You are currently viewing ৰমজানৰ চেহেৰী
ৰমজানৰ চেহেৰী

ৰমজানৰ চেহেৰী

ৰমজানৰ চেহেৰী

চেহেৰী ৰমজান মাহৰ এটি অবিচ্ছেদ্য অংশ। এই চেহেৰী খোৱাৰ যোগেদি সূচনা হয় ৰমজানৰ ৰোজা। উল্লেখ্য যে, ইছলামৰ ৫টা স্তম্ভৰ ভিতৰত অন্যতম স্তম্ভ হৈছে ৰমজান মাহৰ ৰোজা। ৰোজা পালন কৰা মুছলমানৰ বাবে অপৰিহাৰ্য পালনীয় কৰ্তব্য। ৰমজানৰ এই গুৰুত্বপূৰ্ণ ধৰ্ম কাৰ্যটো কিছু নিয়ম-নীতিৰ মাজেদি পালন কৰিব লগীয়া হয়। তাৰ মাজত চেহেৰী হৈছে ৰোজাৰ অন্যতম এটা অংশ। ৰোজা ৰাখিবলৈ হলে নিশাৰ শেষভাগত উঠি চেহেৰী খোৱাটো মহাপুৰুষ হজৰত মহম্মদ (ছঃ)ৰ আদৰ্শ। চেহেৰী খোৱা বাধ্যতামূলক নহয়, সেয়ে চেহেৰী নাখাওঁ ৰোজা হৈ যাব। অৱশ্যে মহান আল্লাহে নিজেই পানাহাৰ কৰাৰ কথা কৈছে। আল্লাহ ৰাব্বুল আলামিনে কৈছে, ‘পানাহাৰ কৰা, যেতিয়ালৈকে প্রত্যুষ অৰ্থাৎ কলা ৰেখাৰ পৰা বগা ৰেখা প্ৰকাশ নাপায়।’ অর্থাৎ ছুবে ছাদিক উদয় হোৱা লৈকে চেহেৰী খোৱাৰ শেষ সময়।

চেহেৰী সমন্ধে পৱিত্ৰ হাদিছ শ্বৰীফত উল্লেখ আছে যে, পয়গম্বৰ হজৰত মহম্মদ (ছঃ)য়ে কৈছে, তিনিটা বস্তুত বৰকত আছে, তাৰ মাজত অন্যতম হৈছে চেহেৰী খোৱা।

ৰোজা পালনৰ বাবে স্বয়ং হজৰত মহম্মদ (ছঃ)য়ে নিজেওঁ চেহেৰী খাইছিল আৰু ছাহাবি সকলকো চেহেৰী খাবলৈ কৈছিল। মাজে সময়ে তেওঁ ছাহাবি সকলক লগতলৈ একেলগে চেহেৰী খাই পিছত সমূহীয়া ফজৰৰ নামাজ পঢ়িছিল।

চেহেৰী খোৱাৰ সময়ত খৰখেদা কৰা ঠিক নহয়। পয়গম্বৰ হজৰত মহম্মদ (ছঃ)য়ে চেহেৰী খোৱাৰ সময়ত বিলম্ব কৰি ভাল পাইছিল। তেও ছাহাবি সকলক শেষ মুহূর্তলৈকে চেহেৰী খাবলৈ উৎসাহিত কৰিছিল।

ইফালে পৱিত্ৰ হাদিছৰ গ্ৰন্থত আছে, ৰমজান মাহত চেহেৰী খোৱাৰ সময়ত দোৱা কবুল হয়।

আল্লাহৰ নবী মহাম্ম (ছঃ) চেহেৰী খোৱাটোক বৰকতময় কোৱাৰ অন্যতম কাৰণ হৈছে যে, চেহেৰী খোৱাৰ ফলত ৰোজাদাৰ সকলে অৰেটো দিন উপবাসে থাকিলেও উপাসনাৰ বাবে প্রয়োজনীয় শক্তি যোগান দিব পাৰে।

চেহেৰীৰ ভাল লগা আধ্যাত্মিক ফজিলত হৈছে, চেহেৰী খোৱা উপলক্ষে ৰোজাদাৰ সকলে নেদেখাজনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই টুপনিৰ সাৰ পাই উঠে। আৰু এই সময়চোৱাত মহান আল্লাহ পাকে পৃথিৱীৰ আকাশত আহি মানৱ মণ্ডলীৰ উদ্দেশ্য এই বুলি ঘোষণা কৰে যে, কোনোবা আছা নেকি যিয়ে মোক মাতিবা? মই তেওঁৰ আহ্বানত সহাৰি জনাম। কোনোবাই ক্ষমা বিচাৰিবা নেকি? মই তেওঁক ক্ষমা কৰি দিম। এই ভাৱে তেওঁ কাহিলি পুৱালৈকে বান্দাৰ ৰহমত, মাগফিৰাত তথা নাজাতৰ বাবে অবিৰত আহ্বান জনায় থাকে। সেয়ে চেহেৰীৰ সময় অতি মূল্যবান আৰু বৰকতপূর্ণ।

গতিকে চেহেৰী উপলক্ষে কোনোবাই যদি এই সুযোগ কামত লাগাব পাৰে তেন্তে সি সফল আৰু সার্থক হ’ব। সেয়ে চেহেৰীৰ আগতে বা পিছত সামান্য সময়ৰ বাবে হলেও পৰম কৰুণাময় আল্লাহৰ ওচৰত দোৱা-আৰাধনা কৰক, নিশ্চয়ই সেই দোৱা-প্ৰাৰ্থনা আল্লাই কবুল কৰিব।

জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)

Leave a Reply