Assamese Medium আপোনাৰ প্ৰয়োজনীয় এটা ৱেবচাইট।

Assamese Medium আপোনাৰ প্ৰয়োজনীয় এটা ৱেবচাইট।

আপোনালোকক মোৰ ৱেবছাইট Rehena Parveen লৈ স্বাগতম জনাইছোঁ।

আজি আপোনালোকৰ লগত এটা সম্পূৰ্ণ বেলেগ বিষয়ৰ কথা আলোচনা কৰিম। আজি কালি লৰা – ছোৱালী সকলক ইংৰাজী মাধ্যমত পঢ়ুৱায়, ইংৰাজী মাধ্যমত সকলো ধৰণৰ Notes গুগলত বিচাৰিলে পোৱা যায়, সহজতে সমাধান বিচাৰি পোৱা যায়, কিন্তু অসমীয়া মাধ্যমৰ লৰা- ছোৱালীৰ বাবে তেনেকুৱা নিৰ্ভৰযোগ্য website ওলোৱা নাই।

Shofiullah Khan, এজন ব্যক্তিগত শিক্ষা খণ্ডৰ শিক্ষক আৰু Digital World ৰ লগত জঢ়িত এজন ব্যক্তি, যিজনে Assamese Medium ৱেবচাইটৰ জৰিয়তে অসমীয়া মাধ্যমত অধ্যয়নৰত ছাত্ৰ- ছাত্ৰীৰ উপকৃত কৰিবলৈ প্ৰয়াস কৰি আছে ।

কি এই Assamese Medium ?
Assamese Medium হৈছে অসমীয়া মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ- ছাত্ৰীৰ বাবে নিৰ্ভৰযোগ্য এটা ৱেবছাইট যত অষ্টম মান শ্ৰেণীৰ পৰা দশম মান শ্ৰেণীলৈ সকলো কেইটা বিষয় সামৰি সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ এটা প্ৰয়াস। বৰ্তমান লৈকে দশম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদৰ্শন কৰা হৈছে।

কি কি পাব এই Assamese Medium অ’ত?
অসমীয়া মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ- ছাত্ৰী উপকৃত হোৱাকৈ Class 10 ৰ Assamese, English, General Mathematics, General Science, Social Science, Hindi, Arabic, Advance Mathematics আৰু অন্যান্য ঐচ্ছিক বিষয় সমূহৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰৰ লগতে সম্পূৰ্ণ PDF Notes , সাম্ভাব্য প্ৰশ্নৰ উত্তৰ, অনুশীলন প্ৰশ্নৰ উত্তৰ, অসমীয়া আৰু ইংৰাজী ব্যাকৰণ, ৰচনা আদিৰ উপৰিও লৰা – ছোৱালীক নীতি শিক্ষা প্ৰদান কৰা হব।

Assamese Medium ৰ পৰা ছাত্ৰ – ছাত্ৰী কেনেকৈ উপকৃত হব?
ইয়াৰ পৰা ছাত্ৰী – ছাত্ৰী বহুত পৰিমাণে উপকৃত হব, মাথোঁ এটা ক্লিকত ছাত্ৰ – ছাত্ৰী সকলে Class 10 ৰ Assamese, English, General Mathematics, General Science, Social Science, Hindi, Arabic, Advance Mathematics আৰু অন্যান্য ঐচ্ছিক বিষয় সমূহৰ সম্পূৰ্ণ PDF Notes সমূহ ডাউনলোড কৰি পঢ়িব পাৰিব। অতি সহজ ভাষাত বুজিব পৰাকৈ notes সমূহ বনোৱা হৈছে যাতে ছাত্ৰ – ছাত্ৰীসকলৰ বাবে টিউচনৰ প্ৰয়োজন নাথাকে।

Assamese Medium এ আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ- ছাত্ৰীক বাৰুকৈ উপকৃত কৰিব।
এতিয়া যদিও Class 10 Assamese Medium ৰ ছাত্ৰ ছাত্ৰীৰ বাবে Notes প্ৰস্তুত কৰি থকা হৈছে, লাহে লাহে SEBA Course ৰ অন্তৰ্গত Class 9 Assamese Medium, Class 8 Assamese Medium, Class 7 Assamese Medium আৰু Class 6 Assamese Medium ৰ সকলো বিষয়ৰ যিকোনো সমাধান যোগ কৰা হব।

শেষবাক্য Assamese Medium
মোৰ ফালৰ পৰা Assamese Medium ৰ ৱেবছাইট গৰাকী Shofiullah Khan লৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো, এনেকৈয়ে সদায় ছাত্ৰ – ছাত্ৰীৰ সমস্যা সমূহ সমাধান কৰি ছাত্ৰ- ছাত্ৰীক উপকৃত কৰিব বুলি আশা ৰাখিলোঁ।

যদি আপুনি এজন / এজনী অসমীয়া মাধ্যমৰ ছাত্ৰ/ ছাত্ৰী , যদি আপোনাৰ ঘৰত অসমীয়া মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ- ছাত্ৰী আছে তেন্তে এতিয়াই Assamese Medium Facebook Page ক Follow কৰক, আপুনি পঢ়ক আৰু আনকো পঢ়িবলৈ সুযোগ দিয়ক।
[1:51 pm, 06/10/2022] REHENA PARVEEN: জীৱনৰ আন এক নাম “সমস্যা”
পৃথিৱীত এনে কোনো মানুহ নাই যাৰ কোনো ই সমস্যা নাই। এই সমস্যা ভৰা জীৱনত যদি সমস্যা কেই প্ৰাধান্য দিয়া হয় তেন্তে জীৱনৰ পৰা সুখ বোৰ নাইকীয়া হব।

সমস্যা যদি আৰ্থিক, শাৰীৰিক হয় তেন্তে মানুহে মানুহৰ সহায় লব পাৰে কিন্তু যদি মনৰ বা বেলেগৰ আগত প্ৰকাশ কৰিব পৰা নহয় তেতিয়াই এজন মানুহ মানসিক চিন্তাত ভুগিবলগীয়া হয় ।

যেতিয়া এজন মানুহে স্বীকাৰ কৰিব নোৱাৰে যে জীৱনত সমস্যা আহিবই তেওঁ বেছিকৈ মানসিক সমস্যাৰ চিকাৰ হব। যিজনে মানি লয় যে জীৱনত সমস্যা আহিবই তেওঁ হে সকলো সমস্যা সমাধান কৰি জীৱন বাটত আগবাঢ়িব পাৰিব। তেওঁ প্ৰস্তুত নাথাকিলেও ভাঙি নপৰিব।

মানুহ কেতিয়াও সকলো ফালৰ পৰা পৰিপূৰক হব নোৱাৰে, সুখী হব নোৱাৰে। সমস্যাহীন জীৱন কেতিয়াও আশা কৰিবও নালাগে , জীৱনলৈ অহা এই সৰু – ডাঙৰ সমস্যা বোৰে মানুহক ডাঙৰ কিবা এটা কৰিবলৈ সাহস প্ৰদান কৰে।

আমাৰ যুৱ সমাজত বৰ্তমান বিশেষ কৈ এইটো দেখা যায়, পঢ়া – শুনাকে ধৰি বেলেগ কিবা যদি নিজৰ মন অনুযায়ী নহয় মানসিক চাপত ভোগে। আৰু বেছিভাগেই কেতিয়াও এইটো নাভাবে যে ইয়াৰ কাৰণ কি হব পাৰে আৰু কেনেকৈ ইয়াৰ পৰা পৰিত্ৰাণ পাব। সমস্যা সমাধানৰ উপায়ক প্ৰাধান্য নিদি সমস্যাক প্ৰাধান্য দিয়া দেখা যায় যাৰ বাবে মানসিক দুঃচিন্তাই পিছ নেৰে।

পিতৃ- মাতৃয়ে নিজৰ লৰা- ছোৱালীক এই শিক্ষা বা জ্ঞান দিয়াটো বহুত জৰুৰী সেয়া হৈছে “জীৱনৰ আন এক নাম সমস্যা” যাৰ বাবে সদায় প্ৰস্তুত থাকিব লাগে মানুহ। তেতিয়া হে এটা সুন্দৰ জীৱনৰ আশা কৰিব পাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *

*