Assamese Poem by Rehena Parveen

Assamese Poem by Rehena Parveen

এটা সাধাৰণ জীৱন

এটা সাধাৰণ জীৱন বিচাৰো
যত বাসনা বুলি থাকিব,
জীৱন চলিবলৈ হলে
যিখিনি লাগে।

যত হেপাহ বুলি থাকিব
নিজৰ অন্তৰৰ শব্দ, বাক্যৰ পৰা ৰূপ পোৱা
বহু সংখ্যক
কিতাপৰ টোপোলা।

যিটো জীৱনত নাথাকিব
মানুহক ঠগাই কিবা এটা কৰাৰ,
যত পাৰিলে অলপ যাতে পাৰোঁ
যাৰ দৰকাৰ তাক সহায় কৰিব।

তেনেকুৱা জীৱন লাগে
যত মানুহে কি কব,
এই প্ৰশ্নৰ কোনো গুৰুত্ব নাথাকিব
নিজে ভালে থকাৰ জোখাৰে সুখ থাকিব।


কবিতা: 01

যদি কোৱা
জোনটো আনিব নোৱাৰিম,
যদি কোৱা
মই তৰাটো আনিব নোৱাৰিম।

যদি কোৱা
প্ৰেমৰ প্ৰমাণ দিব,
মই প্ৰেমৰ প্ৰমাণ দিবলৈ
সদায়ে অস্বীকাৰ কৰিম।

যদি শোধা
প্ৰেমৰ গভীৰতা কিমান?
মই কেনেকৈ উওৰ দিম
গভীৰতা জুখিবলৈতো একোৱে নাথাকে।

যদি কোৱা
কি কৰিব পাৰিবা মোৰ বাবে ?
মোৰ উত্তৰ হব
একোৱে নোৱাৰিম কৰিব।

যদি শুধা
ভালপোৱা কিমান,
উত্তৰত শুনিবা
মনটোত যিমান আছে
ভালপাও সিমানেই।

মই বলিয়া নহয়
কাৰোবাৰ প্ৰেমত,
পাহৰিও নাযাও নিজক
অচিনাকি ৰাজ্যত।

কি নাম দিবা
মোৰ প্ৰেমক?
হয়তোবা কবা
প্ৰেম কি তুমি নুবুজাই।

হেৰাই যাব বিচৰা নাই
ৰোমান্টিকতাৰ মাজত ,
হেৰাবলৈ ৰাতিৰ আকাশ খনেই
মোৰ বাবে যথেষ্ট।

যদি কোৱা
মাথোঁ সুখ
তোমাৰ নামত কৰিব নোৱাৰিম,
দুখবোৰ যে আহিবই এদিন।


সপোন

যেতিয়া পোখা মেলা সপোনবোৰ
চুৰ্ণ – বিচুৰ্ণ হয়,
যেতিয়া সাৰ – পানী দি ডাঙৰ দীঘল কৰা গছডাল
কাটি পেলাই থৈ যায়।

যেতিয়া কোনো এটা বস্তুক
নিজৰ জীৱনৰ অংগ বনোৱা হয়,
যেতিয়া সেই অংগটো
নভবাকৈ বিকল হৈ পৰি ৰয়।

যেতিয়া কষ্ট কৰি
উচ্চ শৃংখল বগোৱা হয়,
যেতিয়া আধা বাটতে
এজাক ধুমুহাই বগৰাই পেলাই থৈ যায়।

সেইবোৰৰ বেদনা
কেনেকুৱা হয়
সেইজনেহে বুজি পায়,
যিয়ে সপোন ৰচে মুক্ত মনে।

সপোনে পোখা মেলিছিল
গজালি মেলিছিল আশাবোৰ,
কিছুমান স্বাৰ্থপৰ মানুহৰ বলি হল
সপোন চাওঁতেও এতিয়া ভয় লগা হল।


ৰাজনীতি

আজিৰ দিনৰ ঘৃণনীয় ৰাজনীতি
যত আছে মাথোঁ হিংসা- বিদ্বেষ,
যত মাথোঁ দুখিয়াক হিচাপ কৰা হয়
ভোট বেংকৰ এটা এটা ভোট।

নিৰ্বাচনৰ সময়ত
নেতা-পালিনেতাৰ ভিৰ,
কথাৰ ফুলজাৰী মাৰে
সভা – সমিতিত।

অন্ধ ভক্তই সামাজিক মাধ্যমত
সদায় কৰে কাজিয়া,
নেতাক বহুৱাবলৈ উচ্চ শিখৰত
নিজৰ মানৱতা কৰে বিক্ৰি।

ৰাইজৰ স্বাৰ্থৰ বাবে বোলে
ৰাইজক কিনে,
নিৰ্বাচনৰ সময়ত কিছুমানে আকৌ
চিৰা – মুৰি , ৫০০ টকাত বিকে।

যোগ্য – অযোগ্য বুলি কথা নাই
দুই মোটা বিড়ি, ৫০০ টকাই ,
বিবেকক তল পেলাই থয়,
নিৰ্বাচন যোৱাৰ পিছত আকৌ গালি
শাসকীয় পক্ষক।

নেতা – দল, শাসকীয় পক্ষক
দোষ দি কি লাভ,
নিজৰ ভৰিত কুঠাৰ নিজেই মাৰে
যত নিজেই দোষী নিজৰ।

আজিৰ বিধায়ক, মন্ত্ৰী
কিমান জনদৰদী,
ৰাইজক সেৱা কৰিবলৈ নিৰ্বাচনৰ সময়ত
খৰচ কৰে টকা কোটি কোটি।

ৰাজনীতি,
এতিয়াৰ ঘৃণনীয় ৰাজনীতি,
দূষিত হৈ গৈ আছে পৰিৱেশ
খহি গৈ আছে গণতন্ত্ৰৰ ভেটি।


হিন্দী চিনেমাৰ দৰেই হল কথাবোৰ

হিন্দী চিনেমাৰ দৰেই হল
কথাবোৰ,
সেই একে বুদ্ধি
সেই একে ধৰণ।

খুব নাটকীয় ধৰণে
কৰি গৈছে কামবোৰ,
ক্ষমতাই ধৰিছে মূৰত
নিজকে সজাইছে দানৱ।

নিজকে দাবী কৰে
জাতীয় নায়ক বুলি,
আমিহে দেখিছোঁ
এক অমানুহ, খলনায়ক বুলি।

দেশ ৰক্ষাৰ শপত খোৱাহত
দেশৰ সংবিধানেই নামানিলি,
ধৰ্ম নিৰপেক্ষতাৰ দেশত,ধৰ্মৰ নামত
সকলোৰে মাজত বিবাদ লগালি।

এটা জাতিক গালি পাৰাবোৰ
কিহৰ ইমান খং তহঁতৰ,
ইমান ঘীণ কিয় তহঁতৰ,
কিয় বিভাজন কৰা নিজৰ মাজত?

হিন্দী চিনেমাৰ দৰেই লাগিছে সব
স্ক্ৰিপ্ত লিখিলে ৰজাঘৰীয়াই,
অভিনয় কৰিলে নিজৰ বিবেক
বন্ধকত ৰখা কিছুমান নৰপিচাশৰ দল।


কবিতা: 02

নিস্তব্দতাৰ নিজানত বহিয়েই
ভাল লাগে মোৰ,
মানুহ নামৰ জীৱৰ ভিৰ
এতিয়া ভাল নালাগে মোৰ।

অন্ধকাৰৰ কোঠাটো
মোৰ বৰ প্ৰিয়,
যত সপোনবোৰে আত্মহত্যা কৰে
যত আশাবোৰে ক্ৰমশঃ বিদাই নিয়ে।

পোৱা- নোপোৱাৰ হিচাপ
নাৰাখো মই,
আশা একো নকৰি
মাথোঁ পৃথিৱীখন চোৱাৰ যত্ন কৰো ।

সম্পৰ্কৰ শিকলিৰ মাজত
নিজকে আৱদ্ধ নাৰাখো মই,
মই নৈ হৈ বৈ যাব বিচাৰো মাথোঁ
সাগৰৰ পানীত মিলিব নিবিচাৰোঁ।

মই নতুন পুৱাৰ
অপেক্ষা নকৰোঁ,
পোহৰতো মই অন্ধকাৰ বিচাৰো
কাৰণ অন্ধকাৰৰ অন্ধকাৰময় ঠাই মোৰ বহুত প্ৰিয়।


আমি বিচাৰিলে সকলো কৰিব পাৰোঁ।

আহা আমি ওলাই যাওঁ
নতুন বছৰত এক নতুনত্বৰ লগত,
নিজৰ লগতে দেশৰ হৈ
কিবা এটা ভাল কামক লগত লৈ।

আমি নৱপ্ৰজন্ম
আমি বিচাৰিলে ,
পৰিৱৰ্তন কৰিব পাৰোঁ
দেশৰ হিংসা নীতি।

আমি বিচাৰিলে পাৰোঁ
বেধাবেদ আঁতৰ কৰি,
বিশাল ভাৰতক আকৌ
বান্ধিব পাৰোঁ ভাতৃত্ববোধৰ এনেজৰীৰে।

আমি তেজাল ডেকা- গাভৰু
আমি এতিয়া বুজিব পৰা হৈছোঁ,
নিজ স্বাৰ্থ ত্যাগ কৰি
আমি সকলোৰে হৈ আগবাঢ়িব লাগিব।

আমি যদি শিক্ষা লৈ জ্ঞান অৰ্জন কৰিছো
তেন্তে ভোল কিয় যাওঁ?
আমি যদি মানুহ হৈ জন্ম পাইছোঁ
আমি মানৱতা কিয় হেৰুৱাও?

তেজৰ প্ৰয়োজন হলে
জাতি – ধৰ্ম- বৰ্ণ বিচাৰ নকৰোঁ,
তেন্তে কিয় আমিবোৰেই সদায়
এই জাতি- ধৰ্মৰ বাবে নিজৰ
দেশ মাতৃক বিভাজন কৰোঁ।

আমি বনোৱা ৰজাবোৰে
আমাকে বিভাজন কৰি,
নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে
গেলা ৰাজনীতি কৰে।

আমি বিচাৰিলে সকলো পাৰোঁ
বিচাৰিলে পাৰোঁ,
হাতে – হাত ধৰি চলিবলে,
শান্তিৰে প্ৰগতিৰ হকে আগবাঢ়িবলে।

আমি বিচাৰিলে পাৰোঁ
হিংসাক অহিংসালৈ ৰূপান্তৰিত কৰিবলৈ,
আমি বিচাৰিলে পাৰোঁ
আমাৰ নৱ প্ৰজন্মক
এই সকলো ফালৰ পৰা প্ৰদূষিত হোৱা
পৰিৱেশৰ পৰা মুক্তি দিবলৈ।

আমি নতুন প্ৰজন্মই বিচাৰিলে সকলো পাৰোঁ
বিচাৰিলে আমাৰ ভাৰতক
একতাৰ এনাজৰীৰে বান্ধিব পাৰো
নতুনকৈ জন্ম পাবলৈ ওলোৱা নতুন প্ৰজন্মক
আমাৰ ফালৰ পৰা এইখিনি মৰম কিয় দিব নোৱাৰোঁ?


বাস্তৱ

কাৰোবাৰ হাত ধৰি যেতিয়া
আগুৱাই যোৱাৰ সপোন দেখা হয়,
কিন্তু সময়ত যেতিয়া হাতখন পোৱা নাযায়
এয়াকেই বাস্তৱতা বুলি কয়।

সপোনত যেতিয়া
আকাশ চুবলৈ যোৱা হয়,
চকু মেলাৰ পিছত যেতিয়া বিচনাখন দেখা পোৱা যায়
ইয়াকে বাস্তৱতা বুলি কোৱা হয়।

মা – দেউতাকে অতি মৰমেৰে
সন্তানক যতন লৈ যোগ্য কৰি তোলে,
যেতিয়া বুঢ়া বয়সত সন্তান এৰি গুচি যায়
তাক নিষ্ঠুৰ বাস্তৱতা বুলি কয়।

সপোনত সপোন সজাই
পূৰণ কৰিবলৈ কি কৰিব লাগে সেয়া যেতিয়া কৰা নহয়,
তাৰ পৰিণতিত যি পোৱা যায়
তাক বাস্তৱতা বোলা হয়।

সপোন সদায় সুন্দৰ হয়
সপোনক বাস্তৱতাৰ ৰূপ দিওঁতে বহুত কষ্ট হয়
সেই সপোন যেতিয়া বাস্তৱত পৰিণত
তাক এক সুন্দৰ, মনোমোহা বাস্তৱতা বোলা হয়।


শ্বাহৰুখ খান

প্ৰথমে তেখেত এজন মানুহ
তাৰ পিছতেই মুম্বাইৰ কিং
সকলোৰে হৃদয়ত দখল কৰিছে স্থান
সেইজনেই হৈছে শ্বাহৰুখ খান

বিশ্বৰ সকলোৱেই চিনি পায়
শ্বাহৰুখ নামেই যাৰ পৰিচয়
ৰিল লাইফতেই নহয়
ৰিয়েল লাইফতু এজন হিৰ’ হয়।

চেৰেটি, দুৰ্যোগৰ সময়ত
যিয়ে দান কৰে মুক্ত মনে
নিজৰ দেশৰ বাবেই নহয় মাথোঁ
বিশ্বৰ সকলোৱেই মানে তেওঁৰ কৰ্মৰ বাবে।

যাৰ ছবিৰ ট্ৰেইলাৰ চলে
ডুবাইৰ সকলোতকৈ ওখ অট্টালিকা বুৰ্জ খলিফাত,
যাৰ নাম কেৱল ভাৰতত নহয়
শুনা যায় বিশ্বৰ নামি – দামী, বিশেষ বিশেষ মানুহৰ মুখত।

যিজনে অনুৰাগীক কেতিয়াও নিৰাশ নকৰে
সকলো প্ৰকাৰৰ মানুহক সন্মান কৰে বাবে
আজি বিশ্বৰ সকলো প্ৰান্তৰ মানুহে
বলিউড বাদশ্বাহ শ্বাহৰুখ খানক চিনে।

নিজৰ কষ্টৰ আয়েৰে যিজনে
১৭ খন গাওঁৰ দায়িত্ব বহন কৰে
সেইজন মানুহক কিছুমানে কেনেকৈ
মৰম নকৰি থাকিব পাৰে ?

যিজনে ভাৰতৰ বাবে
সৰ্ব্বোচ্চ tax প্ৰদান কৰে,
তাৰ বিষয়ে বেয়া মন্তব্য কৰিলে
অনুৰাগী কেনেকৈ বহি থাকে ?

সকলোৰে মৰমৰ
সকলোৰে শ্ৰদ্ধাৰ
সকলোৰে হৃদয়ত স্থান দখল কৰা
হেইজনেই হৈছে বলিউড বাদশ্বাহ শ্বাহৰুখ খান ।

ব্ৰেণ্ড অম্বেছেদৰ অফ ডুবাই , ছুপাৰষ্টাৰ, কিং অফ মুম্বাই

The one an only শ্বাহৰুখ খান।

Leave a Reply

Your email address will not be published. Required fields are marked *

*