Rehena Parveen

লিখা-মেলা কৰাটো এটা নিচা আৰু এই নিচাই এজন মানুহক লিখক, সাহিত্যিক, কবি হিচাপে পৰিচয় কৰাই দিয়ে। মই যদিও কবি, সাহিত্যিক , লিখক হিচাপে নিজক আত্মপ্ৰকাশ কৰা নাই এতিয়ালৈকে কিন্তু লিখা-মেলা কৰি আত্মসন্তুষ্টি বহুত লাভ কৰো।





আনৰ দ্বাৰা প্ৰশংসিত হৈ নিজক কেতিয়াও সাফল্য হোৱা বুলি নাভাবিৱ, যেতিয়ালৈকে নিজে আত্মসন্তুষ্টি লাভ নকৰে।

Rehena Parveen

মই ৰেহেনা পাৰবীন( গুণ মণি)। মোৰ দেউতাৰ নাম আলতাফ হুছেইন আৰু মা ওৱাহিদা বেগম। মই বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত এখন অতি ভিতৰুৱা গাঁৱত জন্মগ্ৰহণ কৰো।
মই মোৰ প্ৰাথমিক শিক্ষা বৰভিঠাৰ সোণালী জাতীয় বিদ্যালয়ত গ্ৰহণ কৰি মোৰ দেউতাৰ বিদ্যালয়ত নাম ভৰ্তি কৰাও। তাৰ পিছত হাইস্কুল আৰু হায়াৰ চেকেণ্ডেৰী কলগাছিয়াৰ এখন আগশাৰীৰ একাডেমী ৰেডিয়াঞ্চ একাডেমী তাৰ পৰা উত্তীৰ্ণ হও।

সৰুৰে পৰা সপোন আছিল ডাক্তৰ হোৱাৰ কিন্তু ঘৰুৱা সমস্যাৰ বাবে প্ৰস্তুতিও লোৱা বাদ দিলোঁ। সেয়ে কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ত নামভৰ্তি কৰিলোঁ ৰসায়ন বিজ্ঞান গুৰু বিষয় লৈ কিন্তু মই ৰসায়ন বিজ্ঞান বিভাগ বাদ দি পিছৰ বছৰত প্ৰাণীবিজ্ঞান বিভাগ লৈ তাৰ পৰা ডিগ্ৰী সম্পূৰ্ণ কৰিলোঁ।

মই মোৰ প্ৰথম খন কবিতা লিখোঁ ষষ্ঠম মান শ্ৰেণীত। কবিতাৰ নাম আছিল কষ্ট। এই লিখা – মেলা কৰাৰ প্ৰেৰণা আব্বাৰ পৰা পাইছিলো। তেখেত এজন সাহিত্যিক, সাংবাদিক । তেতিয়াৰ পৰা মুজাহিদ নামৰ সাপ্তাহিক কাকত খনত লিখিছিলোঁ কেইদিন মান। তাৰ পিছৰ পৰা মই কবিতা লিখা আৰম্ভ কৰোঁ।Rehena Parveen (মোৰ বিষয়ে অধিক জানিবলৈ লিংকত ক্লিক কৰক

মোৰ কৰ্মক্ষেত্ৰ


বেকী এক্সপ্ৰেছৰ Staff Reporter হিচাপে চাবলৈ লিংকত ক্লিক কৰক


মোৰ লিখা সমূহ চাবলৈ লিংকত ক্লিক কৰক

মোৰ শেহতীয়া লিখনি

মোৰ মনৰ কথাৰে

মোৰ শেহতীয়া লিখনি বুলি কলে কবিতা পুথি “মোৰ মনৰ কথাৰে” প্ৰকাশ কৰিছো । যিখন ফেচবুকৰ এটা বিশেষ গ্ৰুপ কবিতা চৰ্চা নামৰ গ্ৰুপৰ পৰা প্ৰকাশ কৰিছে।বাতৰি কাকত, চচিয়েল মিডিয়াত প্ৰায়ে ৰাইজৰ সমস্যাবিলাক দাঙি ধৰিবলৈ চেষ্টা কৰি থাকোঁ । ইয়াৰ উপৰিও তিনিখন উপন্যাস লিখা হৈছে যদিও এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই।


মোৰ সম্পূৰ্ণ লিখনি পঢ়িবলৈ ক্লিক কৰক

মোক পোনপটীয়া ভাৱে যোগাযোগ কৰিব পাৰে