লিখা-মেলা কৰাটো এটা নিচা আৰু এই নিচাই এজন মানুহক লিখক, সাহিত্যিক, কবি হিচাপে পৰিচয় কৰাই দিয়ে। মই যদিও কবি, সাহিত্যিক , লিখক হিচাপে নিজক আত্মপ্ৰকাশ কৰা নাই এতিয়ালৈকে কিন্তু লিখা-মেলা কৰি আত্মসন্তুষ্টি বহুত লাভ কৰো।

আনৰ দ্বাৰা প্ৰশংসিত হৈ নিজক কেতিয়াও সাফল্য হোৱা বুলি নাভাবিৱ, যেতিয়ালৈকে নিজে আত্মসন্তুষ্টি লাভ নকৰে।

মই ৰেহেনা পাৰবীন। মোৰ দেউতাৰ নাম আলতাফ হুছেইন আৰু মা ওৱাহিদা বেগম। মই বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত এখন অতি ভিতৰুৱা গাঁৱত জন্মগ্ৰহণ কৰো। মই মোৰ প্ৰাথমিক শিক্ষা বৰভিঠাৰ সোণালী জাতীয় বিদ্যালয়ত গ্ৰহণ কৰি মোৰ দেউতাৰ বিদ্যালয়ত নাম ভৰ্তি কৰাও। তাৰ পিছত হাইস্কুল আৰু হায়াৰ চেকেণ্ডেৰী কলগাচিয়াৰ এখন আগশাৰীৰ একাডেমী ৰেডীয়াঞ্চ একাডেমী তাৰ পৰা উত্তীৰ্ণ হও।

সৰুৰে পৰা সপোন আছিল ডাক্তৰ হোৱাৰ কিন্তু ঘৰুৱা সমস্যাৰ বাবে প্ৰস্তুতিও লোৱা বাদ দিলোঁ। সেয়ে কলগাচিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ত নামভৰ্তি কৰিলোঁ ৰসায়ন বিজ্ঞান গুৰু বিষয় লৈ কিন্তু মই ৰসায়ন বিজ্ঞান বিভাগ বাদ দি পিছৰ বছৰত প্ৰনিবিজ্ঞান বিভাগ লৈ তাৰ পৰা ডিগ্ৰী সম্পূৰ্ণ কৰিলোঁ।

তাৰ পিছত মই এম.এ কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত যোগাযোগ আৰু সাংবাদিকতা বিভাগত প্ৰ- পত্ৰ জমা দিও আৰু তাত সুযোগ লাভ কৰোঁ পঢ়িবলৈ।

মই মোৰ প্ৰথম খন কবিতা লিখোঁ 6ম মান শ্ৰেণীত। কবিতাৰ নাম আছিল কষ্ট। এই লিখা – মেলা কৰাৰ প্ৰেৰণা আব্বাৰ পৰা পাইছিলো। তেখেত এজন সাহিত্যিক, সাংবাদিক । তেতিয়াৰ পৰা মুজাহিদ নামৰ সাপ্তাহিক কাকত খনত লিখিছিলোঁ কেইদিন মান। তাৰ পিছৰ পৰা মই কবিতা লিখা আৰম্ভ কৰোঁ।

কিন্তু নৱম মান শ্ৰেণীত মই কবিতা লিখা বেছি হৈছিল। কেতিয়াবা ৰাতি 1 বজাত সাৰ পাইছোঁ কবিতা লিখিবলৈ বহি গৈছো। কবিতাৰ প্ৰতি ইমান বেছি আকৃষ্ট হৈ পৰিছিলো, তেতিয়া দাদাই মোক কৈছিল যে ইমান লাগি নাথাকিবা , লিখা পঢ়া কৰিব লাগিব। সঁচাই মই লিখা পঢ়া এৰি দিছিলো। পৰীক্ষাৰ ফলাফল বেয়া হৈছিল , দেউতাৰ গালি খাইছিলো , দেউতাই ঘৰলৈ লৈ যাব বিছাৰিছিল যদিও দুইজনী বাই মোক নিজৰ দায়িত্বত ৰাখি দিছিল। তেতিয়াও মই লিখা – পঢ়াত মন দিব পৰা নাছিলো। কেইদিন পিছত মই লিখা – মেলা বন্ধ কৰি দিলোঁ। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা দিলোঁ। তাৰ পিছত আকৌ লিখা মেলা কৰি আছিলো আৰু তেতিয়াই মই প্ৰথম খন উপন্যাস লিখোঁ, এতিয়ালৈ ছপা কৰোৱা নাই। তাৰ পিছত আৰু দুই খন লিখিছোঁ সেইবোৰ ও ছপা কৰা নহল। হায়াৰ চেকেণ্ডেৰী পাছ কৰাৰ পিচত মই বাতৰি কাকতত কবিতা সমূহ প্ৰকাশ কৰিবলৈ ধৰিলো। আৰু বি. এছ. চিত নামভৰ্তি কৰিয়ে “গণ অধিকাৰ ” মইনবৰিৰ সংবাদ দাতা হিচাপে লিখি থাকিলো।

বি. এছ, চিত পঢ়া অৱস্থাতেই মোৰ আব্বাৰ পৰামৰ্শতেই মই “Today Talk” নামৰ পৰ্টেলত নিউজ বোৰ প্ৰেৰণ কৰি থাকিছিলো আৰু Voice Reporter হিচাপে কাম কৰোঁ। তাৰ পিছৰ পৰা News Assam নামৰ পৰ্টেলত বৰপেটাৰ Bureau Chief আৰু Voice Reporter হিচাপে কাম কৰি আছিলো।

বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ত অধায়ন কৰি থকাৰ ওপৰিও Beki Express অত কৰ্মৰত অৱস্থাত আছোঁ। আৰু লিখা – মেলাত জঢ়িত হৈ আছোঁ।

অসমীয়া কবিতা চৰ্চা চমুকৈ অকচ (ফেইচবুক গ্ৰুপ) ৰ তৰফৰ পৰা মোৰ কবিতা পুথি “মোৰ মনৰ কথাৰে” আমিনুৰ ৰহমান ছাৰে উলিয়াই দিয়ে। তেওঁৰ ওচৰত কৃতজ্ঞ।