নিজৰ জীৱনৰ দায়িত্ব নিজে লবলৈ যত্ন কৰক।

জীৱনটো আনন্দময় কৰি তুলিবলৈ হলে জীৱনৰ দায়িত্ব নিজেই লব লাগিব। সুখী হব বিচাৰিলে ৰাস্তা নিজেই বনাব লাগিব। বনোৱা ৰাস্তাৰে খোজ কাঢ়িলে যিয়ে বনাইছে তাৰ নিচিনা হব। নিজৰ বুলিবলে একো নাথাকিব। আৰু যদি নিজৰ জীৱন নিজৰ অভিৰুচি মতে চলিব বিচাৰে তেন্তে নিজে কাঁইটৰ লগত মিত্ৰতা কৰিবলৈ শিকি লওক।
সন্তান জন্ম দিয়াৰ পিছত পিতৃ- মাতৃয়ে নিজৰ সন্তানৰ ভাল – বেয়া বিচাৰ কৰে। ডাঙৰ হোৱাৰ পিছতো নিজেই বিচাৰ কৰি ৰাস্তা দেখুৱাব বিচাৰে। কিন্তু মই ভাৱো পিতৃ- মাতৃয়ে যদি সন্তানৰ ভাল বেয়া বিচাৰ নকৰি , আচলতে ভাল আৰু বেয়াৰ মাজৰ প্ৰাৰ্থক্যটো কি সেয়া দেখুৱায় নিচ্চয়কৈ বেছি উপকৃত হব সন্তান।
মানুহ এজন কেতিয়াও এইটো ভাবিৱ নালাগে যে অইনে কি কৰি আছে, সদায় এইটো ভাবিৱ লাগে যে মই কি কৰি আছোঁ। যেতিয়া নিজৰ সকলো বস্তুৰ হিচাপ নিজৰ ওচৰত থাকে তেতিয়া নিজৰ জীৱন ধাৰণৰ প্ৰণালীও সূচাৰুৰূপে পৰিচালিত হৈ যায়।
অভিভাৱকে কেতিয়াও নিজৰ ৰুচিক নিজৰ সন্তানৰ ওপৰত জাপি দিব নালাগে, সন্তানক নিজৰ অভিৰুচি মতে আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাব লাগে।
এজন লৰা বা ছোৱালীৰ নিজৰ জীৱনৰ চিন্তা যদি নিজৰ নাথাকে কোনেও তাৰ বাবে একো কৰিব নোৱাৰে। ভৱিষ্যতে কি হব নহব সেয়া চিন্তা কৰাৰ দৰকাৰ নাই , নিজৰ দৈনন্দিন কৰ্মৰাজীয়েহে ভৱিষ্যত বনাব।
ভাল বেয়া বিচাৰ কৰাৰ মানসিকতা সকলোৰে থাকে, কিন্তু বেছিভাগে নিজৰ বিবেকক প্ৰধান্য নিদি বেলেগৰ সহায় বেছিকৈ নিয়ে। জীৱনত এনেকুৱা মানুহ থাকে যাৰ লগত থাকিলে মানুহ এজন নিজক সুৰক্ষিত বুলি ভাৱে, কিন্তু বেছিভাগ মানুহে মানুহক বিপথে পৰিচালিত কৰে।
এটা বয়সত এজন মানুহে নিজৰ জীৱনৰ দায়িত্ব নিজে লব লাগে, তেতিয়া মানুহজন দায়িত্বশীল হৈ উঠে। আৰু যিমান সৰুৰ পৰা এইটো বুজি পোৱা যায় নিজৰ কাৰণে ভাল হয়।
সকলো পৰিৱেশতে খাপ খাব পৰা কৈ নিজক গঢ়িব লাগে কিন্তু পৰিৱেশক সকলো সময়তে প্ৰধান্য দি নিজক সলনি কৰিব নালাগে। পৃথিৱীত এটা কাম কেতিয়াও কৰিব নালাগে সেয়া হৈছে মানুহৰ বাবে নিজক সলনি কৰা। নিজৰ ব্যক্তিত্বক মানুহৰ বাবে সলনি কৰিলে আপোনাৰ নিজা কি থাকিব?
সমাজত আপোনাৰ দুখত দুখি হবলৈ নহা বিলাকে আপোনাৰ দোষ ধৰাৰ কাৰণে সদায় প্ৰস্তুত থাকে, আৰু তেতিয়া যদি আপুনি ভাৱে আপুনি ঠিকেই কৰি আছে তেন্তে আপুনি সেইবোৰ কথা মাথোঁ প্ৰত্যাখ্যান কৰিব।
আপুনিও জীৱনত বহুত কিবা – কিবি কৰিব পাৰিব, যেতিয়া আপুনি মাথোঁ আপোনাৰ পৰিচয়ত চিনাকি হবলৈ শিকিব। এইটো সম্ভৱ হব যেতিয়া আপুনি নিজৰ জীৱনৰ দায়িত্ব নিজে লবলৈ শিকিব।
অতি সুন্দৰ অনুভৱ