দুঃ চিন্তাৰ পৰা পৰিত্রাণ

সৰু যেতিয়া আছিলো তেতিয়াই ভাল আছিল। কোনো চিন্তা নাছিল। লাহে লাহে ডাঙৰ হোৱাৰ পিছৰে পৰা জীৱনত বহুত চিন্তা আহি পৰে। কেতিয়াবা চিন্তাৰ কাৰণ অন্য মানুহ কেতিয়াবা নিজেই হব পাৰে।
জীৱনৰ বিভিন্ন পৰ্যায়ত চিন্তাৰ কাৰণ ও বেলেগ হয়। সৰু কালৰ চিন্তা বিলাক আছিল এজনৰ এইখিনি আছে মোৰ কিয় নাই এনেকুৱা ধৰণৰ।
বিশেষকৈ হায়াৰ চেকেণ্ডেৰীৰ পৰা ডিগ্ৰীলৈকে প্ৰেমজনিত সমস্যাই বেছি দেখা দিয়ে।
টকা – পইচাৰ অভাৱ, ঘৰত অভাৱ – অনাটন আহি পৰে। মুঠৰ ওপৰত সমস্যাৰ অন্ত নাই, চিন্তা থাকিবই।
তথাপিও জীয়াই থাকিবলৈ হলে ইমান চিন্তা কৰি থাকিলে জীৱনৰ প্ৰকৃত সোৱাদ পোৱা নাযায়।

সমস্যাই চিন্তা জন্ম দিয়ে। জীৱন থকা লৈকে সমস্যাও থাকিব। জীৱনৰ যেতিয়া ভৰষাই নাই তেন্তে আমি কিয় ইমান চিন্তা কৰি জীয়াই থাকিম?
জীয়াই থাকিলে ভাত এমুঠি খাবই লাগিব , তাৰ বাবে কৰ্ম কৰিবই লাগিব। সেয়ে নিজৰ দৈনন্দিন কাম সমূহ প্ৰতিদিনৰ খিনি প্ৰত্যেক দিনা কৰিবই লাগিব। তেতিয়া কৰ্মৰ ক্ষেত্ৰত অসুবিধা নহব। ঠিক লিখা – পঢ়াও তেনেকুৱাই।
সহজ জীৱনটো জটিল মানুহে কৰে। আশা অনুসৰি কাম কৰি যাব লাগিব। প্ৰত্যেক দিনাৰ কাম নিৰ্দিষ্ট দিনতেই শেষ কৰিব লাগে।
এতিয়া জীৱনটো সহজ আৰু দুঃ চিন্তা কমাবলৈ কি কি কৰা উচিত?
মই কেৱল ভাৱি লোৱা কথা নহয় , নিজেও কেতিয়াবা দু: চিন্তাত ভুগিব লগা হৈছে। ফলস্বৰূপে কেইটামান কথা কবলৈ উলাইছো।
প্ৰত্যেক দিনাই যেতিয়া আমি দিনটোক এটা নতুন দিন হিচাপে লৈ আগবাঢ়িম তেতিয়া হে জীৱনটো উপলব্ধি কৰিব পাৰিম। কাৰণ মৃত্যুৰ ভৰষা নাই , মূহুৰ্তত আহিব পাৰে। ভৱিষ্যতৰ কথা চিন্তা কৰিব নালাগে, সকলোৰে কৰ্মইহে ভৱিষ্যত নিৰূপণ কৰে। আমাৰ আজিৰ কৰ্মই আমাৰ অহা দিনবোৰ কেনেকুৱা হব সেইটো নিৰ্দ্ধাৰণ কৰিব। জীৱন থাকিলে সমস্যা থাকিব, সমস্যা আছে যদি সমাধানৰ উপায়ো আছে। সমস্যা আহিলে সমস্যা কিয় আহিল, মই এইখিনি কৰা নাই , এইবোৰ ভাৱিব নালাগে। কিয় আহিল , কেনেকৈ আহিল সেয়া পিছত ভাৱিব লাগিব কিন্তু আগত সমস্যা সমাধান কৰিবলৈ কি কৰিব লাগিব সেইটো কৰিব লাগিব। পিছত কিয় , কেনেকৈ আহিছে সেয়া বিচাৰি সতৰ্ক হব লাগিব।
নিজৰ জীৱনটো নিজৰে। ভাল- বেয়াও নিজৰ।কিবা এটা কৰোঁতে নিজৰ বিবেকক প্ৰধান্য দিব। নিজৰ সুখ বিচাৰিব লাগে কিন্তু আনৰ ক্ষতি কৰি নহয়। মানুহে সমালোচনা কৰিব , মানুহৰ কামেই এইটো। কিন্তু আনক সমালোচনা কৰাৰ আগত যদি নিজক প্ৰশ্ন কৰি উত্তৰ বিচাৰে , তেন্তে কেতিয়াও আনৰ বেয়া খুচুৰি নুফুৰিলেহেঁতেন। যদি আপোনাৰ চকুত আপুনি ঠিক আছে, মানুহৰ ক্ষতিও কৰা নাই, আনক অসুবিধা দিয়া নাই। তেন্তে আপুনি ঠিকেই কৰি আছে।
সদায় নিজৰ চকুত যেতিয়ালৈকে ঠিক থাকিব, যেতিয়া নিজৰ বিবেকে আপোনাক সঠিক বুলি কব আপুনি ঠিকেই আছে।
নিজৰ জীৱনটোক যিমানে স্বাভাৱিক বাবে চলাই থাকিব তেতিয়ালৈকে আত্মসন্তুষ্টি লাভ কৰিব। যেতিয়াই মানুহ এজনে বেলেগক বিপদত পেলাব খোজে তেতিয়া তেওঁৰ সম্পূৰ্ণ মনোযোগ তাতেই থাকে। ইয়াৰ দ্বাৰা সকলোতকৈ ক্ষতি নিজৰে হয়, নিজৰ সময় নষ্ট। মানুহ এজনে যিমান স্বাভাৱিকতাৰে জীয়াই থাকে সিমানেই জীৱনৰ প্ৰকৃত সোৱাদ বিচাৰি পায়।
জীৱন চলাৰ বাবে খাদ্য , বশ্ৰ , বাসস্থানৰ প্ৰয়োজন আৰু ইয়াৰ বাবে লাগিব উপাৰ্জন , আৰু উপাৰ্জন কৰিলে কৰ্ম কৰিব লাগিব। যি কৰ্মই মানুহক এমুঠি অন্যৰ যোগান দিব পাৰে সেই কৰ্ম কেতিয়াও সৰু হব নোৱাৰে। নিজৰ কৰ্ম যিয়েই নহওঁক কিয় সেয়াই ডাঙৰ। যিয়ে নিজৰ কৰ্মত সন্তুষ্ট সেইজন কৰ্মক লৈ দু: চিন্তাত ভোগা দেখা নাই।
প্ৰেমজনিত কাৰণত দু: চিন্তাত ভুগিও লাভ নাই, ক্ষতি নিজৰে। এইবোৰ আগৰ পৰাই মানুহে জানে, তথাপিও প্ৰায় সংখ্যকে নিজক বুজাব নোৱাৰে। কিন্তু ইয়াৰ বহুত বেয়া প্ৰভাৱ জীৱনত পৰে। যদি প্ৰেমিক বা প্ৰেমিকাই এৰি যোৱাৰ কাৰণে দু: চিন্তা থাকে , তেন্তে ভাবিব লাগিব নিজৰ কি ভূল আছিল , যদি নিজৰ ভুলৰ কাৰণে যায় তেন্তে তাক / তাইক বুজাব লাগিব, জীৱনত আনিব লাগিব, চেষ্টাৰ অসাধ্য একো নাই । আৰু যদি সকলো ঠিক থকাৰ পিছতো, আপোনাতকৈ ভাল অৱস্থাত থকা মানুহৰ বাবে আপোনাক এৰিছে তেন্তে আপুনি বাচি গৈছে কাৰণ , সেইজন মানুহৰ লগত আপুনি সুখী হব নোৱাৰিব যাৰ মনত মানুহৰ অৱস্থান দেখিহে তাৰ লগত থকাৰ মানসিকতা থাকিব।
সকলোৰে লগত মিলা – প্ৰীতিত থকাটো ভাল, কিন্তু সকলো মানুহকে বিশ্বাসত লব নালাগে। আৰু আজিৰ পৃথিৱীত বিশ্বাস শব্দৰ বিশেষ একো মুল্য ও নাই। কাৰণ বিশ্বাসত লোৱা মানুহজনেই ক্ষতি বেছি কৰে। এজন মানুহক সম্পূৰ্ণ বিশ্বাসত লব পাৰিলেহে তাক নিজৰ কথাবোৰ কব লাগে। যিকোনো বিষয় সহজ ভাৱে ললে সৰু – সুৰা সমস্যা জীৱনত আহিবই নোৱাৰে।
যিমান যিয়েই নহওঁক কিয় জীৱনটো আনন্দৰে কটাই যাব লাগে, যিখিনি থাকে তাতে সন্তুষ্টি লভি জীৱনৰ প্ৰকৃত সোৱাদ লব লাগে। জীৱনৰ বহু চিন্তা নিজে সৃষ্টি কৰা চিন্তা। আপুনি নিজেই জানে নিজৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰিব। সমস্যা আহিব , সমাধান কৰি যাব। কিন্তু সমস্যাক লৈ চিন্তা কৰাৰ সলনি সমাধানৰ উপায় বিচাৰি যাওঁক।
মানুহ সকলোতে সুখী হব নোৱাৰিব কিন্তু মনোমোহা জীৱনৰ সোৱাদ সকলোৱে লব পাৰিব।
REHENA PARVEEN
0 Comments on “দুঃ চিন্তাৰ পৰা পৰিত্রাণ”